NORTHEAST NOW (Assamese)

আৰক্ষীয়ে নহয়; গুৱাহাটীত ড্ৰাগছ আসক্ত মহাবিদ্যালয়ৰ ছাত্ৰক হাতে-লুটে ধৰিলে ৰাইজে

January 26, 2022 9:22 pm · কল্পজোতি শইকীয়া, গুৱাহাটী
Updated: January 26, 2022 9:24 pm

এইবাৰ আৰক্ষী নহয়; সাধাৰণ ৰাইজৰ কৱলত ড্ৰাগছ আসক্ত যুৱক। বৰবিহ ড্ৰাগছ সেৱন কৰি থকাৰ সময়তে হাতে লুটে ধৰিলে স্থানীয় ৰাইজে।

মহানগৰীৰ হেদায়েতপুৰৰ উৰণীয়া সেতুৰ তলত আজি ড্ৰাগছ্ বিৰোধী অভিযান চলায় স্থানীয় ৰাইজে।

অভিযানত স্থানীয় লোকে এটা ড্ৰাগছৰ ঘাটি উৎখাত কৰে৷ ৪ ড্ৰাগছ আসক্তক খেদি খেদি কৰায়ত্ব কৰে স্থানীয় ৰাইজে৷

ইয়াৰে দুজন হাফলং আৰু কাৰ্বি আংলঙৰ তথা অন্য দুজন গুৱাহাটীৰ দুখন মহাবিদ্যালয়ৰ ছাত্ৰ। ধৃত এজন যুৱকৰ নাম দ্বীপ বুলি জানিব পৰা গৈছে।

স্থানীয় লোকৰ এই অভিযানত উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ খালি কনটেইনাৰ৷

জানিব পৰা মতে সম্প্ৰতি আসক্তই খালি কনটেইনাৰ দিলেহে ড্ৰাগছ ভৰ্তি কন্টেইনাৰ যোগান ধৰে ড্ৰাগছ মাফিয়াই৷

একোটা কন্টেইনাৰৰ বিনিময়ত ৮০০-১৫০০ টকা সংগ্ৰহ কৰে ড্ৰাগছ মাফিয়াই।

জানিব পৰা মতে, দুগৰাকীকৈ মহিলাই চলাই আছে এই ড্ৰাগছৰ ব্যৱসায়ী৷ অৱশ্যে আজিৰ অভিযান কালত আটক নহ’ল দুই মহিলা৷

ড্ৰাগছ আসক্ত এজন যুৱকে জনোৱা অনুসৰি তেওঁলোক ৰেইলৱে ষ্টেশ্যনৰ ৭ নম্বৰ প্লেটফৰ্মৰ পৰা ক্ৰয় কৰে মাৰাত্মক ড্ৰাগছ।

ঘটনাস্থলীত পল্টনবজাৰ আৰক্ষী উপস্থিত হৈ আটক কৰি লৈ যায় ৪ ড্ৰাগছ আসক্তক৷

Related News