NORTHEAST NOW (Assamese)
অসম

‘কা’ৰ বিৰোধিতাৰে বটদ্ৰৱা থান প্রাংগণত প্ৰতিবাদী কাৰ্যসূচী; চৰকাৰক তীব্ৰ সমালোচনা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 23, 2019 8:10 am
‘কা’ৰ বিৰোধিতাৰে বটদ্ৰৱা থান প্রাংগণত প্ৰতিবাদী কাৰ্যসূচী; চৰকাৰক তীব্ৰ সমালোচনা

নাগৰিকত্ব (সংশোধন) আইনৰ বিৰুদ্ধে সমগ্ৰ দেশৰ লগতে বটদ্ৰৱাতো দেওবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ টা জনগোষ্ঠী সংগঠনৰ আহ্বান ক্ৰমে অনুষ্ঠিত এই প্ৰতিবাদী কাৰ্যসূচীত বটদ্ৰৱা আঞ্চলিক ছাত্ৰ সন্থা, অসম নাট্য সন্মিলন বটদ্ৰৱা চিহ্ন যাত্ৰা শাখা, বটদ্ৰৱা আলিপুখুৰী শাখা সাহিত্য সভা, বটদ্ৰৱা আঞ্চলিক শিল্পী সমাজ আৰু বটদ্ৰৱা ৰামধেনু সমন্বয় গোষ্ঠীৰ শতাধিক লোকে অংশ গ্রহণ কৰে।

বটদ্ৰৱা থান প্ৰাংগণত অনুষ্ঠিত প্ৰতিবাদী সভাৰ আৰম্ভণিতে ‘কা’ বিৰোধী আন্দোলনৰ পাঁচ গৰাকী শ্বহীদ লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বটদ্ৰৱা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীয়ে নাগৰিকত্ব (সংশোধন) আইনে অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ বিপৰ্য্যয় আনিব বুলি উল্লেখ কৰে।

পাছত আলিপুখুৰী শাখা সাহিত্য সভাৰ সভাপতি ইন্দ্ৰমোহন বৰুৱা, নগাঁও জিলা সাহিত্য সভাৰ উপসভাপতি তথা অসম সত্ৰ মহাসভাৰ নগাঁও জিলাৰ কাৰ্যকৰী সভাপতি থগিত মহন্তকে ধৰি কেইবাজনো ব্যক্তিয়ে নাগৰিকত্ব (সংশোধন) আইন প্ৰনয়ন কৰা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে।