NORTHEAST NOW (Assamese)

চামগুৰিৰ ৪নং ভূৰবন্ধাত নিশা ৰাইজে কৰায়ত্ব কৰিলে দুই ভণ্ড বেজক

August 21, 2019 10:45 am · ভাৰ্গব হাজৰিকা
ফটো : নৰ্থ-ইষ্ট নাও

অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ কৱলত পৰি ৰাজ্যৰ বিভিন্ন স্থানত বিভিন্ন ভয়াৱহ ঘটনা সংঘটিত হৈ অহাৰ সময়তে চামগুৰিৰ ৪নং ভূৰবন্ধাত দুজন ভণ্ড বেজক মঙলবাৰে নিশা আবদ্ধ কৰিলে স্থানীয় ৰাইজে।

ভণ্ড বেজ দুজনে লগত অনা এটা বাকচত টকা থলে শীঘ্ৰে টকাৰ পৰিমাণ দুগুণলৈ বৃদ্ধি হয় বুলি গাঁৱলীয়া ৰাইজক দীৰ্ঘদিন ধৰি প্ৰলোভন প্ৰদান কৰি ৰামঠগন দি আহিছিল চামগুৰিৰ লাওঁখোৱা আৰু ভূৰবন্ধাত।

উল্লেখ্য যে, ৰাইজে কৰায়ত্ব কৰা ধৃত বেজ দুজন হ’ল জুৰীয়া কালিয়াদিঙাৰ ফৈজুল হক আৰু চামগুৰি চালপাৰাৰ আবুল বাছাৰ।

ধৃত দুয়োজন বেজে পূৰ্বে অঞ্চলটোত এনধৰণৰ ভণ্ডামি কৰি কেইবাজনো লোকৰ কেইবালাখ টকা লুটি নিছে বুলি স্থানীয় ৰাইজে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

যাৰ বাবে ক্ষুব্ধ স্থানীয় ৰাইজে মঙলবাৰে নিশা পুনৰ ভণ্ড বেজ দুজনে গাঁওখনত প্ৰবেশ কৰাৰ কথা গম পাই দুয়োকে কৰায়ত্ব কৰি ৰাখে।

জানিব পৰা মতে আজি পুৱা দুয়োজন ভণ্ড বেজক স্থানীয় ৰাইজে আৰক্ষীক গটাই দিয়ে।

Related News