NORTHEAST NOW (Assamese)

বৰলীয়া নৈত নাই দলং; যাতায়তৰ বাবে কলৰ ভূৰ সাজি বিপদ সংকুল যাত্ৰা ৰাইজৰ

June 15, 2021 6:41 pm · দীপক কুমাৰ পাঠক
ফটো: নৰ্থইষ্ট নাও।

বাক্সা জিলাৰ তামুলপুৰৰ মাজেৰে বৈ যোৱা বৰলীয়া নৈৰ ওপৰত নাৱেৰে বিপদ সংকুল যাত্ৰা কৰিবলগীয়া হৈছে স্থানীয় ৰাইজে। কলৰ ভূৰ সাজি যাতায়ত কৰা গাৰ নোম শিয়ঁৰি উঠা দৃশ্যও দেখা গৈছে।

বৰলীয়া নৈৰ বাঢ়নী পানীয়ে কিছুদিন পূৰ্বে নৈ খনৰ ওপৰত থকা বাঁহৰ দলংখন  উটুৱাই নিয়াৰ পিছত নাওৰ দ্বাৰা যাতায়ত কৰিবলগা হৈছে অঞ্চলটোৰ ৰাইজে।

তামুলপুৰ-দ্বাৰকুছি-ৰাঙাপানী-কাউৰবাহা সংযোগী পথৰ লাছিঘাটত থকা বাঁহৰ দলংখন উটুৱাই নিয়াৰ পিছত বৰলীয়া নৈত এতিয়া কলৰ ভূৰ আৰু নাওৱেই একমাত্ৰ ভৰসা নৈৰ দুই পাৰৰ ৰাইজৰ।

এই কলৰ ভূৰেৰেই অঞ্চলটোৰ জনসাধাৰনে যাতায়ত কৰাৰ উপৰি চাইকেল আৰু বাইকভয়াবহ আৰু সংকটপূৰ্ণভাৱে জীৱন হাতৰ মুঠিত লৈ যাতায়ত অব্যাহত ৰাখিছে। এনে ভয়াবহ দৃশ্য দেখিলে স্বাভাৱিকতে সকলোৰে গাৰ নোম শিয়ঁৰি উঠিব।

কিছু বছৰ আগলৈ লাছিঘাটত বৰলীয়া নৈৰ ওপৰত এখন কাঠৰ দলং আছিল যদিও সেইখন নৈৰ পানীয়ে উটুৱাই নিয়াত স্থানীয় ৰাইজে বাঁহৰ সাঁকো সাজি সাঁকোখনৰ ওপৰেৰে যাতায়ত অব্যাহত ৰাখিছিল।

প্ৰতি বছৰে স্থানীয় ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি বাঁহৰ সাঁকো নিৰ্মাণ কৰি যাতায়ত অব্যাহত ৰাখে যদিও সাঁকো খন উটুৱাই নিয়াত যাতায়ত বন্ধ হৈ পৰে।

ইয়াৰ পিছত এতিয়া নাও আৰু কলৰ ভূৰেই হৈছে নৈৰ দুই পাৰৰ ৰাইজৰ একমাত্ৰ আশা আৰু ভৰসাৰ থল।

ৰাইজে অনতি পলমে দ্বাৰকুছি-ৰাঙাপানী-কাউৰবাহা পথৰ লাছিঘাটত এখন পকী দলং নিৰ্মাণ কৰি যাতায়তৰ সু ব্যৱস্থা কৰি দিবলৈ চৰকাৰক অনুৰোধ জনাইছে।

Related News