NORTHEAST NOW (Assamese)

টীয়ক-কাৱৈমাৰী সংযোগী পথ: নিৰ্মাণৰ পাছদিনাই বখলা বখলে এৰালে ব্লেক টেপিং

November 18, 2021 12:39 pm · নিৰ্মলেন্দু পাঠক, টীয়ক

যোৰহাট জিলাৰ টীয়ক সমষ্টিৰ কাৱৈমাৰীৰ জাঁজী মথাউৰিৰ পৰা টীয়ক সংযোগী ৯.৯০ কি:মি দৈঘ্যৰ জৰাজীৰ্ণ পথটি নিৰ্মাণৰ পিছদিনাই এৰালে ব্লেক টেপিং ।

১,৩২,২৫,০৬৯ টকাৰে পথটি মেৰামতি লাভ কৰা ঠিকাদাৰে চুড়ান্ত মইমতালিৰে নিশা আন্ধাৰত চাফা নকৰাকৈ ব্লেক টপিং কৰাত পুৱা স্থানীয় ৰাইজে ব্লেক টপিং সমুহ উঠাই দিয়ে।

উল্লেখযোগ্য যে যোৱা নিশা স্থানীয় ৰাইজে উক্ত সময়ত উপস্থিত থকা লোকনিৰ্মাণ বিভাগৰ কৰ্মচাৰী তথা ঠিকাদাৰগৰাকীক নিশা এনেদৰে চাফা নকৰাকৈ পথটো ব্লেক টেপিং নকৰিবলৈ আহ্বান জনাইছিল যদিও ৰাইজৰ কথালৈ আওকাণ কৰি দম্ভৰে পথটো নিৰ্মাণ কৰিছিল।

সেয়ে এতিয়া ৰাইজে বিভাগীয় বিষয়াৰ লগত ঠিকাদাৰৰ গোপন বুজাবুজি আছে বুলি সন্দেহ প্ৰকাশ কৰিছে।

ইপিনে ৰাজ্য চৰকাৰে পথ মেৰামতিৰ নামত কোটি কোটি টকা আবন্টন দিছে যদিও এনেদৰে বিভাগৰ একাংশ দায়িত্বহীন বিষয়া- ঠিকাদাৰৰ সৈতে মিতিৰালিৰ ফল ভোগ কৰিছে সাধাৰণ জনতাই।

সেয়ে চৰকাৰৰ বৃহৎ পৰিমাণৰ ধনৰ লুন্ঠন নকৰিবলৈ টীয়কৰ বিভিন্ন দল সংগঠন তথা স্থানীয় ৰাইজে সকিয়াই দিছে।

Related News