NORTHEAST NOW (Assamese)

মাৰ্ঘেৰিটাৰ জাগুনত আৰক্ষী আৰু আৱকাৰীৰ চুলাই মদ বিৰোধী অভিযান,নষ্ট কৰিলে সাতশ লিটাৰ চুলাই মদ

June 24, 2021 3:37 pm · মানস প্ৰতিম গগৈ
Updated: June 24, 2021 7:29 pm
*

সমগ্ৰ অসমত ক্ৰমাৎ এতিয়া আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান তুংগত কৰি তোলাৰ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে অব্যাহত ৰাখিছে অবৈধ চুলাই মদ আৰু লালি গুড় বিৰোধী অভিযানো।

এনে সময়তে তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীনান্ত লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত জাগুনৰ বিভিন্ন অঞ্চলত চলিছে চুলাই মদ বিৰোধী অভিযান।

মাৰ্ঘেৰিটা আবকাৰী আৰু লেখাপানী আৰক্ষীয়ে যৌথভাবে জাগুন অঞ্চলৰ বিভিন্ন প্ৰান্তত আজি চলালে চুলাই মদ তৈয়াৰ কৰা লালি গুড় বিৰোধী আভিযান।

অভিযানকাৰী দলটোৱে আজি প্ৰথমে জাগুন কাৰপুংপুলি গাঁৱ নিবাসী পেগুৰ বাসগৃহত অভিযান চলাই প্ৰায় সত্তৰ লিটাৰ চুলাই মদ নষ্ট কৰে।

লগতে চুলাই মদ তৈয়াৰ কৰিবলৈ জমা কৰি ৰখা প্ৰায় আশী কিলো লালি গুড় জব্দ কৰে।

Related News