NORTHEAST NOW (Assamese)
অসম

পুলৱামা আক্ৰমণ : নিহত চহিদ জোৱানৰ শ্ৰদ্ধাত চামগুৰিত বন্তি প্ৰজ্বলন

Posted by: বিদ্যুত জ্যোতি বৰা February 16, 2019 10:35 pm

জম্মু কাশ্মীৰৰ পুলৱামাত উগ্ৰপন্থী সংগঠন জইছ-ই-মহম্মদৰ আত্মঘাতী বোমা বিস্ফোৰণত ৪৪ গৰাকী ভাৰতীয় জোৱানৰ মৃত্যুত সমগ্ৰ অসমৰ লগতে আজি নগাঁও জিলাৰ চামগুৰিতো শ্ৰদ্ধাঞ্জলী অনুষ্ঠান অনুষ্ঠিত হয়।

চামগুৰিৰ যোগ প্ৰেৰণা যোগ প্ৰশিক্ষণ আৰু যোগ চিকিৎসা কেন্দ্ৰৰ উদ্যোগত আৰু ৰদ্ৰ বৰুৱা যোগবিজ্ঞান মহাবিদ্যালয়, জীৱনজ্যৌতি যোগ কেন্দ্ৰৰ সহযোগত নিহত চহিদ বীৰসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলী জনাই বন্তি প্ৰজ্বলন কৰে চামগুৰি সংযুক্ত সাংবাদিক সন্থাৰ সভাপতি প্ৰদীপ বৰাই।

সমাজ সেৱিকা ৰেখামনি দাসে আঁত ধৰা শ্ৰদ্ধাঞ্জলী অনুষ্ঠানটোত অৰ্ধ শতাধিক যোগ প্ৰশিক্ষাৰ্থীৰ লগতে কেইবাজনো অভিভাৱক তথা অঞ্চলটোৰ সচেতন লোক উপস্থিত থাকি এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰাৰ লগতে পাকিস্তান মূৰ্দাবাদ, সন্ত্ৰাসবাদ নিপাত যাওঁক আদি ধ্বনি দিয়ে।