NORTHEAST NOW (Assamese)
অসম

কামৰূপৰ পছৰীয়াত ১৩০০ পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ ব্যৱসায়ীৰ

Posted by: মৃদুল প্ৰীতম ডেকা Updated by: মৃদুল প্ৰীতম ডেকা April 5, 2020 6:16 pm
কামৰূপৰ পছৰীয়াত ১৩০০ পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ ব্যৱসায়ীৰ

কৰ’নাভাইৰাছৰ বিৰুদ্ধে লকডাউনৰ মাজতে অসুবিধাত পৰা লোকসকলক সহায় কৰিবলৈ বহু সুহৃদয় লোক আগবাঢ়ি আহিছে।

উদ্যোগপতি অজয় জগতিয়েও কামৰূপ জিলাৰ পছৰীয়াত বহু লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে।

কামৰূপৰ পছৰীয়াত ১৩০০ পৰিয়ালৰ ঘৰে ঘৰে গৈ খাদ্য সামগ্ৰী বিতৰণ কৰি গৃহবন্দী পৰিয়ালসমূহক সকাহ দিয়াৰ চেষ্টা উদ্যোগপতি অজয় জগতিয়ে।

চাউল, মিঠাতেল, নিমখ, ডাইল, চেনী আদি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণৰ লগতে লকডাউন মানি চলিবলৈকো তেওঁ ৰাইজক সজাগ কৰে।

ব্যৱসায়ীজনে পছৰীয়াৰ স্থানীয় লোকৰ লগতে ভাড়াঘৰত থকা লোকসকলৰ মাজতো খাদ্য সামগ্ৰী বিতৰণ কৰে।

জনতাৰ এই দুৰ্যোগৰ সময়ত সহায়ৰ হাত আগবঢ়াই সকাহ দিয়া বাবে অজয় জগতিক বিভিন্নজনে ধন্যবাদ আগবঢ়াইছে।