NORTHEAST NOW (Assamese)

‘হটস্পট ঠাইসমূহত কঠোৰতা অৱলম্বন কৰি ল’কডাউন সম্পূৰ্ণ উঠাই দিব লাগে’ : তৰুণ গগৈ

May 11, 2020 6:34 pm · দীপজ্যোতি শৰ্মা

ল’কডাউন সম্পূৰ্ণৰূপে উঠাই দিব লাগে। যিসমূহ অঞ্চলত হটস্পট তাত নিয়ম অনুসৰি কঠোৰ হোৱা দৰকাৰ। এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ।

ল’কডাউন সম্পূৰ্ণৰূপে শিথিল যদি কৰি নিদিয়ে তেন্তে অৰ্থনীতি সম্পূৰ্ণৰূপে  কোঙা কৰিব। নিজ বাসগৃহত অনুষ্ঠিত এক সংবাদমেলত এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ।

দেশত কোভিড১৯ত আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে ।

আৰোগ্যৰ সংখ্যা ৩০% শতাংশ । মৃত্যুৰ সংখ্যা ৩.৩% ই  ভাৰতৰ বাবে  ইতিবাচক।প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে কয়।

‘ডেৰ মাহত ভাৰতবৰ্ষৰ অৰ্থনীতি তথৈবচ। ১১ কোটি লোকে চাকৰি হেৰুৱাবলগীয়া হৈছে । জীৱিকা আৰু উপাৰ্জনৰ ওপৰত বেছি গুৰুত্ব দিয়া দৰকাৰ । মোদীয়ে কৈছিল ২ কোটি চাকৰি দিয়াৰ কথা কৈছিল। কিন্তু সম্প্ৰতি ভাৰতবৰ্ষত ইতিমধ্যে ১১ কোটি লোকে চাকৰি  হেৰুৱাব লগীয়া হৈছে । সৰ্বসাধাৰণ লোকে দুবেলা দুমুঠি খাবৰ বাবে চিন্তা কৰিব লগীয়া হৈছে ।‘’

আনহাতে গগৈয়ে কয় ‘শ শ মাইল খোজ কাঢ়ি ল’ৰা ছোৱালীয়ে পদ যাত্ৰা কৰিব লগীয়া দুৰ্ভাগ্যজনক।’

‘ৰে’ল আলিত কেনে দৰে মৃত্যুক সাবটিলগীয়া হোৱা ছবি খনৰ কথা দুনাই কোৱাৰ প্ৰয়োজন নাই।অসমৰ বাহিৰত কৰ্মৰত বা অন্য লোকসকলক ঘূৰাই আনিবলৈ যি ব্যৱস্থা কৰিব লাগে সেয়া হোৱা দেখা নাই।’ গৈগৈৰ মন্তব্য।

‘বিপদত সহায় কৰাৰ কথা কৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই  কিন্তু তেওঁলোকক উভতাই আনিব বিচাৰ নাই, ইচ্ছা প্ৰকাশ কৰা নাই । বৰঞ্চ বাধ্যত পৰিহে তেওঁলোকক উভতাই আনিব বিচাৰিছে সেয়া অতিকৈ তাৎপৰ্যপূৰ্ণ কথা ।’

‘কেৱল মাত্ৰ প্ৰচাৰমুখী হোৱাকৈ কাম কৰিছে, আমি প্ৰচাৰমুখী চৰকাৰ এখন বিচৰা নাই। যিসকল বহি ৰাজ্যৰ পৰা আহিছে  তেওলোকক স্ক্ৰীনিং, টেষ্ট ট্ৰেকিং ভালদৰে কৰোৱাৰ দৰকাৰ।’ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ গগৈৰ অভিযোগ।

স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি গগৈয়ে কয় ‘তুমি নিজেই  কৈ আছা এইবোৰৰ কথা কিন্তু সেয়া সুচাৰূপে পালনে হোৱা নাই।’

আনহাতে চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি  তৰুণ গগৈয়ে কয় আজমীৰৰ পৰা আহি গাড়ী আহি শিলচৰ পালেগৈ কিন্তু এইখন চৰকাৰ শুই থাকিল।

‘অসম চৰকাৰে আনিছিল বহু পিপিই কীট কিন্ত সেইবোৰ ক’ত গ’ল? দন্ত চিকিৎসক আক্রান্ত হৈছে কিন্ত তেওঁলোকে পোৱা নাছিল পৰ্যাপ্ত সা সুবিধা  ।আক্রান্ত হোৱা দন্ত চিকিৎসক গৰাকীয়ে পোৱা নাছিল পিপিই কীট।’ অভিযোগ কৰি কয় গগৈয়ে।

ইপিনে প্ৰধানমন্ত্ৰী কিষান সন্মান নিধিৰ দুৰ্নীতি  হৈছে সেয়ে তৰুন গগৈয়ে চিবিআই তদন্তৰ দাৱী জনায়।

লগতে প্ৰাক্তন প্ৰধান মন্ত্ৰী মনমোহন সিংঙৰ স্বাস্থ্য আশু আৰোগ্য কামনা কৰে।

Related News