NORTHEAST NOW (Assamese)
অসম

লকডাউনত বিপৰ্য্যস্ত বৰপেটাৰ আতচবাজী উদ্যোগ

Posted by: পুলেন্দ্ৰ দাস Updated by: পুলেন্দ্ৰ দাস July 31, 2020 7:03 pm
Lockdown upsets Barpeta's firecracker industry

কৰোনা ভাইৰাছৰ ভয়াবহতা আৰু দীঘলীয়া লকডাউনত বিপৰ্যস্ত হৈছে বৰপেটাৰ শতাব্দী প্ৰাচীন আতচবাজী উদ্যোগ৷

ইংৰাজৰ দিনৰে পৰা কাম কৰি অহা বৰপেটাৰ আতচবাজী উদ্যোগটোলৈ একপ্ৰকাৰ নামি আহিছে অমানিশা।

সত্ৰনগৰী বৰপেটাৰ আতচবাজী উদ্যোগটোৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত এহেজাৰ পৰিয়ালৰ মাজত এতিয়া হাহাকাৰ অৱস্থা।

কৰোনা ভাইৰাছৰ ভয়াৱহতাৰ বাবে আতচবাজী উৎপাদন আৰু বিক্ৰী সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে।

বিয়া-সবাহ, কিছু উৎসৱ-পাৰ্বনৰ লগতে ধৰ্মীয় অনুষ্ঠান আনকি চিনেমাৰ চিত্ৰ গ্ৰহণতো বৰপেটাৰ আতচবাজী উদ্যোগটোৰ পৰা সামগ্ৰী যোগান ধৰে৷

কিন্তু কোৰোনা মহামাৰীৰ ফলত আতচবাজীৰ উৎপাদন আৰু বিক্ৰী সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত এই উদ্যোগটোৰ লগত জড়িত লোকসকলৰ জীৱন সম্প্ৰতি পানীত হাঁহ নচৰা অৱস্থাৰ নিচিনা হৈছে৷

এই উদ্যোগটোৰ লগত জড়িত লোকসকলৰ দুৰৱস্থাৰ কথা শুনাৰো আহৰি নাই চৰকাৰখনৰ৷

আনকি চৰকাৰৰ কোনো আঁচনিয়ে ঢুকি পোৱা নাই এই থলুৱা উদ্যোগটোক৷

উল্লেখ্য যে, বৰপেটা চহৰৰ বিলৰতাৰীহাটীৰ গোপজিৎ পাঠকৰ আচাম ফায়াৰ ৱৰ্কচ ইণ্ডাষ্ট্ৰী, দীপমণি পাঠকৰ বৰপেটা আতচবাজী উদ্যোগ আৰু ৰীতামণি পাঠকৰ মণিচুনা আতচবাজী উদ্যোগৰ জৰিয়তে বিভিন্ন আতচবাজী উৎপাদন কৰে৷

এই তিনিটা থলুৱা উদ্যোগৰ লগত প্ৰায় এহেজাৰ পৰিয়াল প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত৷

কিন্তু বিগত তিনি-চাৰি মাহে এই উদ্যোগ তিনিটা বন্ধ হৈ পৰাত কৰ্মহীন হৈ পৰিছে উদ্যোগ তিনিটাৰ লগত জড়িত লোকসকল৷

থলুৱা এই উদ্যোগৰ জৰিয়তে আত্মনিৰ্ভৰ হৈ অহা লোকসকলক চৰকাৰখনে আজিলৈ মুঠেও গুৰুত্ব প্ৰদান কৰা নাই বুলি ক্ষোভ ব্যক্ত কৰে মণিচুনা আতচবাজী উদ্যোগৰ স্বত্বাধিকাৰী ৰীতামণি পাঠকে৷

সততে উদ্যোগ স্থাপনৰ আহ্বান জনোৱা চৰকাৰৰ উদ্যোগ মন্ত্ৰীয়ে থলুৱা উদ্যোগ কেইটাক পুনৰুজ্জীৱিত কৰাৰ বাবে কিবা ব্যৱস্থা গ্ৰহণ কৰে নে নাই সেয়া পৰৱৰ্তী সময়তহে জনা যাব৷