NORTHEAST NOW (Assamese)

তেজপুৰৰ বিভিন্ন স্থানত অৰ্ধ কোটিৰো অধিক টকা জব্দ নিৰ্বাচনী পৰ্য্যৱেক্ষকৰ

April 5, 2019 10:38 pm · এন ই নাও নিউজ
প্ৰতীকী ছবি।

অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী পেমা খান্দুৰ কনভয়ৰ বাহনৰ পৰা ১.৮ কোটি টকা জব্দ কৰাৰ চাঞ্চল্যকৰ অভিযোগৰ মাজতে লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেজপুৰৰ বিভিন্ন স্থানত শুকুৰবাৰে জব্দ কৰা হৈছে অৰ্ধকোটিৰো অধিক টকা।

তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলৰ সমীপত নৈমিত্তিক তালাচীৰ মাজত এজন বাইক আৰোহীৰ পৰা জয়ৰাম হাজৰিকাৰ নেতৃত্বৰ পৰ্য্যৱেক্ষক দলে ২৯৭০৯৯০টকা জব্দ কৰে। বাইকাৰোহীজনে অৱশ্যে ধনখিনি এটা মাইক্ৰ’ ফিনান্স কোম্পানিৰ আৰু সেয়া তেওঁ বেংকত জমা থ’বলৈ অনা বুলি মন্তব্য কৰিছে।

কিন্তু ধনভাৰীজনে কোনো নথি-পত্ৰ দেখুৱাব নোৱাৰা বাবে ধনখিনি দণ্ডাধীশৰ উপস্থিতিত হিচাপ কৰি জিলা কোষাগাৰত জমা কৰা হয়।

আন এটা ঘটনাত প্ৰাঞ্জল বৰদলৈ নেতৃত্বাধীন পৰ্য্যৱেক্ষক দলে বিহগুৰিৰ ৰঙামাটিত এজন লোকৰ পৰা ২২লাখ টকা জব্দ কৰে। ধনখিনি মাজবাট চাহ বাগিচাৰ কৰ্মচাৰীৰ দৰমহাৰ ধন বুলি লোকজনে দাবী কৰিছে। নথি-পত্ৰ দাখিল কৰি তেওঁক ধনখিনি মোকলাই নিবলৈ কোৱা হৈছে।

ৰঙাপাৰা বিধানসভা সমষ্টিত আন দুজন লোকৰ পৰা ১.৫ আৰু ১.২ লাখ টকা জব্দ কৰে। বাতৰি লিখাৰ পৰলৈকে ধনখিনি সন্দৰ্ভত বিচাৰ কৰি থকা হৈছে।

Related News