NORTHEAST NOW (Assamese)

ভয় ভয় লাগি আছিল, এতিয়াহে নাচিব ৰঞ্জিত দাসে

May 23, 2019 5:45 pm · কল্পজ্যোতি শইকীয়া
Updated: May 23, 2019 5:47 pm
বৃ্হস্পতিবাৰে সমৰ্থকৰ মাজত ৰঞ্জিত দাস। ছবি- ইউ বি।

লোকসভা নিৰ্বাচনৰ প্ৰচাৰত জনপ্ৰিয় হোৱা “আকৌ এবাৰ মোদী চৰকাৰ” শীৰ্ষক গীতত নাচিবলৈ কিছু সংকোচ কৰিছিল অসম বিজেপিৰ ৰঞ্জিত দাসে। পিছে এতিয়া নাচিব তেওঁ।

বৃহস্পতিবাৰে নিৰ্বাচনৰ ভোট গণনা চলি থকাৰ মাজতে গুৱাহাটীত এই মন্তব্য কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতিজনে।

“সকলোৱে আকৌ এবাৰ মোদী চৰকাৰ গীতত নাচিছিল যদিও মই নচা নাছিলো, কিয়নো অলপ ভয় ভয় লাগি আছিল। এতিয়া হিমন্ত বিশ্ব, সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি আহি সকলো কাৰ্য্যকৰ্তাৰ লগত একেলগে নাচিম,” ৰাজ্যিক মুখ্য কাৰ্য্যালয়ত সংবাদমেলত দাসৰ মন্তব্য।

দেশজুৰি অভূতপূৰ্ব বিজয়ৰ দিশে আগবঢ়া বিজেপিৰ অসমৰ প্ৰাৰ্থীসকললৈ জনোৱা সমৰ্থনৰ বাবে অসমৰ ৰাইজ, বিজেপিৰ কাৰ্য্যকৰ্তা আৰু সংবাদ মাধ্যম তেওঁ ধন্যবাদ জ্ঞাপন কৰে।

আবেলি ৫:৩০ বজালৈকে অসমৰ ৯খন আসনত অগ্ৰগতি লাভ কৰিছে গেৰুৱা দলটোৱে।

দলটোৰ সফলতাৰ ক্ষেত্ৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সাংগঠনিক দক্ষতাৰ শলাগ লোৱাৰ উপৰিও দাসে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৰাইজসেৱাৰ উল্লেখ কৰে।

ৰাইজে বিজেপিক বিশ্বাসত লোৱা বুলি উল্লেখ কৰি তেওঁ কয়, “এতিয়া আমাৰ আৰু দায়িত্ব বাঢ়িল। তৃণমূললৈকে যাব পৰা বাবে এই বিজয়।”

জয়ী হ’ব লগা সাংসদসকলে ৰাইজৰ উন্নয়নৰ বাবে কাম কৰিব লাগিব বুলি মন্তব্য কৰি তেওঁ কয় যে তেওঁলোকৰ এতিয়াৰ পৰা দায়িত্ব আৰু বাঢ়িল।

Related News