NORTHEAST NOW (Assamese)
অসম

উঃ-পূবত অন্ত পৰিল ভোটগ্ৰহণ প্ৰক্ৰিয়া; ৩য় পৰ্য্যায়ত অসমত ১০ শতাংশ বাঢ়িল ভোটদান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 23, 2019 9:29 pm
Musalpur_Polling Station

অসমত চাৰিটা আৰু ত্ৰিপুৰাত এটা সমষ্টিত ভোটগ্ৰহণ সম্পূৰ্ণ হোৱাৰ লগে লগে উত্তৰ-পূবত আজি লোকসভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া অন্ত পৰে। আজি তৃতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণত আছিল।

আজি সন্ধিয়াৰ ৭ বজাত পোৱা আপডেইট অনুসৰি অসমৰ চাৰিটা সমষ্টিৰ গড় ভোটদানৰ হাৰ ৮০.৭৪ শতাংশ। কেৱল এটা সমষ্টি (ত্ৰিপুৰা পূব)ৰ ভোটগ্ৰহণ হোৱা ত্ৰিপুৰাত হাৰ ৫ বজালৈকে ৭৯ শতাংশ।

অৱশ্যে দুয়োখন ৰাজ্যৰে ভোটদানৰ হাৰ আৰু কিছু উন্নত হোৱাৰ অৱকাশ থকাৰ কথা জনালে নিৰ্বাচনী বিষয়াসকলে।

অসমত তৃতীয় পৰ্য্যায়ত ভোটগ্ৰহণ হোৱা সমষ্টি চাৰিটা ক্ৰমে, ধুবুৰী, কোকৰাঝাৰ, বৰপেটা আৰু গুৱাহাটী। আটাইকেইটা সমষ্টিৰ ভিতৰত ধুবুৰীত ভোটদান সৰ্বাধিক হয়। হাৰ ৮৬.৯৪ শতাংশ। লোকসভা সমষ্টিটোৰ অন্তৰ্গত দক্ষিণ শালমৰা বিধান সভা সমষ্টিটোত সৰ্বাধিক ৯১ শতাংশ ভোট পৰে, সৰ্বাধিক কম ৮০ শতাংশ পৰে বিলাসীপাৰা পশ্চিমত।

আটাইতকৈ কম ভোটদান হোৱা কোকৰাঝাৰত ৭৭.৩৮ শতাংশ, বৰপেটাত ৭৮.১১ শতাংশ আৰু গুৱাহাটীত ৮০.২০ শতাংশ ভোটদান হয়।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে দুটা পৰ্য্যায়ত ক্ৰমে ১১ আৰু ১৮ এপ্ৰিলত অসমৰ বাকী ১০টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল।

প্ৰথম পৰ্য্যায়ৰ ৫টা সমষ্টিৰ ভোটদানৰ হাৰ আছিল ৭৮.২৩ শতাংশ আৰু দ্বিতীয় পৰ্য্যায়ৰ ৫টা সমষ্টিৰ এই হাৰ আছিল ৭৭.৬৭ শতাংশ।

এই হিচাপত তৃতীয় পৰ্য্যায়ত ভোটদানৰ হাৰ প্ৰায় ১০ শতাংশ বেছি।