NORTHEAST NOW (Assamese)

ভোটাধিকাৰ সাব্যস্ত চীন সীমান্তৰ ভোটকেন্দ্ৰৰ একমাত্ৰ ভোটাৰৰ; নিৰ্বাচনী বিষয়া-কৰ্মচাৰীৰ দলক প্ৰশংসা

April 12, 2019 4:57 pm · দুৰ্লভ গগৈ
Updated: April 12, 2019 11:33 pm
মালোগামত থকা একমাত্ৰ ভোটাৰৰ ভোটকেন্দ্ৰটোৰ সন্মুখত নিৰ্বাচনী বিষয়া-কৰ্মচাৰীকেইজন নিৰাপত্তাৰক্ষী। ফটোৰ উৎস : ফেইচবুক।

অৰুণাচল প্ৰদেশত কালি হৈ যোৱা লোকসভা আৰু বিধানসভাৰ নিৰ্বাচনৰ এটা ব্যতিক্ৰম কাহিনীয়ে দৃষ্টি কাঢ়িছে সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়া য়ুজাৰৰ। মাত্ৰ এগৰাকী ভোটাৰ থকা দুৰ্গম অঞ্চলৰ এটা ভোটকেন্দ্ৰৰ কাহিনীটোত গণতন্ত্ৰত জনপ্ৰতিনিধি নিৰ্বাচনত প্ৰতিজন নাগৰিককে নিজৰ ভূমিকা লোৱাৰ সুযোগ দিবলৈ প্ৰশাসন তথা নিৰ্বাচন আয়োগৰ দায়বদ্ধতা প্ৰকাশ পাইছে।

ভোটকেন্দ্ৰটো ৰাজ্যখনৰ আঞ্জ জিলাৰ হায়ুলিয়াং বিধানসভা সমষ্টিটোৰ অন্তৰ্গত মালোগাম নামৰ ঠাইত আছে। ঠাইখন ভাৰত-চীন সীমাত অৱস্থিত আৰু তালৈ যোগাযোগৰ সুবিধা সীমিত।

ছোকেলা তায়াং (Sokela Tayang) নামৰ মহিলাগৰাকী কেন্দ্ৰটোৰ একমাত্ৰ ভোটাৰ।

তায়াঙে ভোটাধিকাৰ সাব্যস্ত কৰাৰ সুবিধা পোৱাটো নিশ্চিত কৰিবলৈ ই ভি এম আৰু অন্যান্য সা-সঁজুলি লৈ ৬জন নিৰ্বাচনী বিষয়া-কৰ্মচাৰী নিৰাপত্তাৰক্ষীসহ ১১ এপ্ৰিলৰ পুৱাতেই যাত্ৰা কৰে। গন্তব্যস্থানত উপনীত হোৱাৰ আগলৈকে নিৰ্বাচনী দলটো নিশ্চিত নাছিল ৩৯ বছৰীয়া তায়াং ভোট দিবলৈ আহিব নে নাহে বা কেতিয়াকৈ আহিব।

অৱশ্যে তেওঁলোকৰ কষ্টক অৰ্থপূৰ্ণ কৰি ছোকেলা তায়াং সোনকালেই অস্থায়ীভাৱে নিৰ্মিত ভোটকেন্দ্ৰটোত আহি উপস্থিত হয় আৰু ভোটদান সাব্যস্ত কৰে।

লগতে পঢ়ক এগৰাকী ভোটাৰৰ মতদান ল’বলৈ বাটকুৰি বাই যাব নিৰ্বাচনী বিষয়াৰ দল

ছোকেলাই প্ৰায় ৯.৩০ বজাত ভোটদান সাব্যস্ত কৰে আৰু তাৰ লগে লগেই ভোটদান প্ৰক্ৰিয়াৰো অন্ত পৰে। একমাত্ৰ ভোটাৰগৰাকীৰ ভোটদানৰ ফলত কেন্দ্ৰটোত ভোটদানৰ হাৰ ১০০ শতাংশ হয়।

ছোকেলা তায়াং থকা মালোগাম জিলা সদৰ হায়ুলিয়াঙৰ পৰা দূৰত্ব প্ৰায় ৩৯ কিলোমিটাৰ। নিৰ্বাচনী দলটো এছোৱা গাড়ীৰে আৰু বেছ এছোৱা পাহাৰীয়া পথেৰে খোজ কাঢ়ি গৈ তাত উপস্থিত হৈছিল। ছ’চিয়েল মিডিয়াত গণতন্ত্ৰৰ এই মূল্যৱান আৰু মধুৰ কাহিনীটোৱে চৰ্চা লাভ কৰা দেখা গৈছে।

মালোগাম ভোটকেন্দ্ৰৰ কাহিনী ইতিমধ্যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো বহুল প্ৰচাৰিত হৈছে।

নিৰ্বাচন আয়োগৰ তথ্যমতে, অৰুণাচল প্ৰদেশত একেবাৰে কম সংখ্যক ভোটাৰ থকা কেইবাটাও ভোটকেন্দ্ৰ আছে। মালোগামৰ উপৰি পক্কে কেছাং বিধানসভা সমষ্টিৰ অন্তৰ্গত লামটা ভোটকেন্দ্ৰটোত আছে মাত্ৰ ৬জন ভোটাৰ। ৰাজ্যখনত ১০জনতকৈ কম সংখ্যক ভোটাৰ থকা মুঠ ৭টা ভোটকেন্দ্ৰ আছে।

গণতন্ত্ৰত এজন নাগৰিকৰো মতদানৰ অধিকাৰৰ প্ৰতি কেনে শ্ৰদ্ধা ৰাষ্ট্ৰই প্ৰকাশ কৰিব পাৰে, মালোগামৰ ভোটকেন্দ্ৰ তাৰ এটা উজ্জ্বল দৃষ্টান্ত।

Related News