• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

চীনা সীমাত থকা এগৰাকী ভোটাৰৰ মতদান ল’বলৈ বাটকুৰি বাই যাব নিৰ্বাচনী বিষয়াৰ দল

গণতন্ত্ৰত এজন নাগৰিকৰো মতদানৰ অধিকাৰৰ প্ৰতি ৰাষ্ট্ৰই প্ৰকাশ কৰা শ্ৰদ্ধাৰ উজ্জ্বল দৃষ্টান্ত

দুৰ্লভ গগৈ by দুৰ্লভ গগৈ
March 18, 2019 9:35 pm
Hayuliang
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত চীনা সীমাত থকা অৰুণাচল প্ৰদেশৰ এটা ভোটকেন্দ্ৰৰ কাহিনীয়ে গণতন্ত্ৰৰ সৌন্দৰ্য্যক তুলি ধৰা দেখা গৈছে। অৰুণাচল প্ৰদেশৰ অনজ জিলাৰ হায়ুলিয়াং বিধানসভা সমষ্টিটোৰ অন্তৰ্গত মালোগাম নামৰ এই ভোটকেন্দ্ৰটোত আছে মাত্ৰ এগৰাকী ভোটাৰ। নাম তেওঁৰ ছোকেলা তায়াং (Sokela Tayang)।

কিন্তু দেশৰ জনপ্ৰতিনিধিক নিৰ্বাচনত ভূমিকা লোৱাৰ সুযোগ পোৱাৰ ছোকেলা তায়াঙৰ যি গণতান্ত্ৰিক অধিকাৰ, যিকোনো মূল্যৰ বিনিময়ত সেইটো দিবলৈ প্ৰস্তুত প্ৰশাসন তথা নিৰ্বাচন আয়োগ। তাৰ বাবে জিলা সদৰ হায়ুলিয়াঙৰ পৰা, যাৰ দূৰত্ব প্ৰায় ৩৯ কিলোমিটাৰ, কেইবাজনো নিৰ্বাচনী বিষয়াৰে গঠিত এটা দল উপস্থিত হ’বগৈ। দলটোত থাকিব এজন প্ৰিজাইডিং বিষয়া, একাধিকজন মতদান বিষয়া, নিৰাপত্তাৰক্ষী আৰু ভোটবাকচ কঢ়িওৱা কৰ্মচাৰী।

Apply Now

যাতায়াতৰ অন্য সুবিধা নাই বাবে পাহাৰীয়া পথেৰে বেছ এছোৱা খোজ কাঢ়িয়েই যাব লাগিব নিৰ্বাচনী বিষয়া-কৰ্মচাৰীসকলে। যদিহে ভোটদানৰ বাবে তায়াং সোনকালে নাহে, তেন্তে দিনটো অপেক্ষা কৰিব লাগিব বিষয়া-কৰ্মচাৰীসকল। সন্ধিয়ালৈকে ৰ’ব লগীয়াও হ’ব পাৰে।

“তেওঁলোকে (বিষয়া-কৰ্মচাৰীসকল) হয়তো নিৰ্বাচনৰ দিনটোত পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৫ বজালৈকে ৰ’ব লগীয়া হ’ব পাৰে। আমি নাজানো তেওঁ কেতিয়া আহিব। কাকো ভোট সোনকালে দিবলৈ জোৰ কৰিব নোৱাৰি”, গণতান্ত্ৰিক দেশত নাগৰিকৰ অধিকাৰক মূল্য দিয়াত ৰাষ্ট্ৰৰ দায়বদ্ধতা প্ৰকাশ কৰি ৰাজ্যখনৰ উপ মুখ্য নিৰ্বাচনী বিষয়া কোয়ুই কয়।

এগৰাকী ভোটাৰৰ মালোগাম ভোটকেন্দ্ৰৰ কাহিনী ইতিমধ্যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো প্ৰকাশ হৈছে।

সংবাদ মাধ্যমত প্ৰকাশিত তথ্যমতে, মালোগাম নামৰ পাহাৰীয়া গাওঁখনত খুব কম সংখ্যক লোকে বাস কৰে আৰু ৩৯ বছৰীয়া ছোকেলা তায়াঙৰ বাদে বাকীসকলে অন্য ভোটকেন্দ্ৰলৈ নিজৰ নাম সলনি কৰিছে। আনকি তেওঁৰ গিৰীয়েক জানেলুম তায়াঙেও (Janelum Tayang) আনটো ভোটকেন্দ্ৰলৈ নিজৰ নাম সলনি কৰিছে।

“২০১৪ চনৰ নিৰ্বাচন ভোটকেন্দ্ৰটোত দুজন ভোটাৰ আছিল। কিবা কাৰণত ছোকেলাৰ গিৰীয়েক জানেলুম তায়াঙে তেওঁৰ নাম একেটা সমষ্টিৰে আন এটা ভোটকেন্দ্ৰলৈ সলনি কৰিলে,” ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ এই উদ্ধৃতি বিভিন্ন সংবাদ মাধ্যমত।

নিৰ্বাচন আয়োগৰ তথ্যমতে, অৰুণাচলত একেবাৰে কম সংখ্যক ভোটাৰ থকা কেইবাটাও ভোটকেন্দ্ৰ আছে। মালোগামৰ উপৰি পক্কে কেছাং বিধানসভা সমষ্টিৰ অন্তৰ্গত লামটা ভোটকেন্দ্ৰটোত আছে মাত্ৰ ৬জন ভোটাৰ। ৰাজ্যখনত ১০জনতকৈ কম সংখ্যক ভোটাৰ থকা মুঠ ৭টা ভোটকেন্দ্ৰ আছে। গণতন্ত্ৰত এজন নাগৰিকৰো মতদানৰ অধিকাৰৰ প্ৰতি কেনে শ্ৰদ্ধা ৰাষ্ট্ৰই প্ৰকাশ কৰিব পাৰে, মালোগামৰ ভোটকেন্দ্ৰ তাৰ এটা উজ্জ্বল দৃষ্টান্ত।

দুৰ্লভ গগৈ

দুৰ্লভ গগৈ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd