NORTHEAST NOW (Assamese)
জীৱনশৈলী

মধ্য ৰাত্ৰি উপজিব কৃষ্ণ : তাৰ আগতেই জানি লওক শ্ৰীকৃষ্ণই দিয়া কেইটামান উপদেশ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী August 26, 2024 7:22 pm
মধ্য ৰাত্ৰি উপজিব কৃষ্ণ : তাৰ আগতেই জানি লওক শ্ৰীকৃষ্ণই দিয়া কেইটামান উপদেশ

আজি শ্ৰীকৃষ্ণ জন্মাষ্টমী। দেশৰ সকলো ঠাইতে উলহ মালহেৰে পালন কৰা হৈছে ভগৱান শ্ৰীকৃষ্ণৰ জন্মদিন। ভকত বৈষ্ণৱৰ মিলন আৰু গীত-নাট-বাদ্য-হৰিনামৰ ধ্বনিত বৈকুন্ঠপুৰীলৈ পৰিণত হৈছে নামঘৰ আৰু সত্ৰ।

আজি এই পবিত্ৰ দিনটোত শ্ৰীকৃষ্ণই দিয়া কেইটামান উপদেশ জানি লওক আহক। এই কেইটা উপদেশ শ্ৰীকৃষ্ণই গীতাত অৰ্জুনক দিছিল।

১. তোমাৰ নিৰ্ধাৰিত কৰ্তব্য পালন কৰাৰ অধিকাৰ আছে, কিন্তু কৰ্মৰ ফলৰ কাৰণ তুমি নহয়। কেতিয়াও নিজকে তোমাৰ কৰ্মৰ ফলাফলৰ কাৰণ বুলি নাভাবিব।

২. নিজৰ কৰ্তব্য পালন কৰা আৰু সফলতা বা বিফলতাৰ প্ৰতি থকা সকলো মোহ ত্যাগ কৰা। মনৰ এনে সমতাক যোগ বোলা হয়।

৩.  জ্ঞানীসকলে জীৱিত বা মৃত লোকৰ বাবে শোক নকৰে। কেতিয়াও এনেকুৱা সময় নাছিল যেতিয়া মোৰ অস্তিত্ব নাছিল।

৪. জীৱনত না ভবিষ্যৎ আছে না অতীত আছে। জীৱন অকল মুহূৰ্তৰ বাবে, অর্থাৎ মুহূৰ্তক অনুভৱ কৰাকেই জীৱন কোৱা হয়।

৫. যি হ’ব সেয়া হ’বই আৰু যি নহ’ব সেয়া কেতিয়াও নহ’ব। এই ধৰণৰ চিন্তাধাৰা যাৰ মাজত আছে, তাক কেতিয়াও দুশ্চিন্তায় কেতিয়াও কষ্ট দিব নোৱাৰে।