NORTHEAST NOW (Assamese)

৩০ বছৰৰ পাছত কাশ্মীৰ হ্ৰদত ফুলিল পংকজ, আৱেগিক হৈ পৰিল কৃষক

July 10, 2025 3:36 pm · এন ই নাও নিউজ, গুৱাহাটী

কাশ্মীৰৰ বান্দিপোৰা জিলাৰ ৱুলাৰ হ্ৰদৰ পাৰত বিস্ময়ত বহি আছে আব্দুল ৰছিদ দাৰ। চকুৱে যিমানদূৰ দেখা পায়, হেৰাই যোৱা পদুম ফুল হ্ৰদৰ বেছিভাগ পানীৰ ওপৰেৰে ফুলি উঠিছে (কাশ্মীৰৰ ৱুলাৰ হ্ৰদত ৩০ বছৰৰ পিছত পদুম ফুলে)।

তিনি দশকৰ অন্তত কাশ্মীৰৰ ৱুলাৰ হ্ৰদত পুনৰ ফুল ফুলি উঠিছে পদুম। ১৯৯২ চনৰ ভয়ংকৰ বানপানীত সম্পূৰ্ণৰূপে নিঃশেষ হৈ যোৱা এই গোলাপী ফুলটোৱে এছিয়াৰ অন্যতম বৃহৎ মিঠা পানীৰ হ্ৰদৰ পাৰত পুনৰ আবিৰ্ভাৱ হৈছে। হেৰাই যোৱা ফুল আজি ঘূৰি আহিছে। আৰু তাৰ লগে লগে ঘূৰি আহিছে এখন সম্পূৰ্ণ চহৰৰ আশা।

কিন্তু সেই স্মৃতি আজি সলনি হৈছে। ২০২০ চনত ৱুলা সংৰক্ষণ আৰু ব্যৱস্থাপনা কৰ্তৃপক্ষই (WUCMA) হ্ৰদটোৰ পৰা পলস আঁতৰোৱাৰ কাম আৰম্ভ কৰে। লক্ষ্য আছিল হ্ৰদটো পৰিষ্কাৰ কৰি ইয়াৰ জৈৱ বৈচিত্ৰ্য পুনৰুদ্ধাৰ কৰা।

খণ্ড বিষয়া মুদাছিৰ আহমেদে কয় যে, ‘যিবোৰ অঞ্চলত পলি আঁতৰোৱা হৈছে তাত পুনৰ পদুম ফুলিবলৈ আৰম্ভ কৰিছে।” যোৱা বছৰ প্ৰথম কেইটামান ফুল ওলাইছিল। এইবাৰ আমিও বিলৰ পানীত পদুমৰ গুটি সিঁচৰতি কৰিলোঁ। এইবাৰ ফুলৰ সংখ্যা বহু বেছি।’

কাশ্মীৰী ভাষাত পদুমৰ ঠাৰিটোক ‘নাদৰু বুলি কোৱা হয়। কাশ্মীৰী খাদ্যৰ ই এক পৰিচিত উপাদান। বিশেষকৈ ‘নাদৰু যখনি নামৰ ব্যঞ্জনত ইয়াৰ জনপ্ৰিয়তা। এসময়ত এই পদুমৰ ঠাৰিবোৰ সংগ্ৰহ কৰি বহু পৰিয়ালে জীৱন নিৰ্বাহ কৰিছিল। কিন্তু পদ্ম অন্তৰ্ধান হোৱাৰ পিছত সেই বৃত্তিও বন্ধ হৈ গল। এতিয়া আকৌ ফুল ফুলি উঠিছে, গাঁৱৰ মানুহে পুৰণি পেছাবোৰ ঘূৰাই পোৱাৰ সপোন দেখিছে।

Related News