প্ৰেমৰ প্ৰস্তাৱ মানি নোলোৱাৰ বাবেই প্ৰতিশোধ ল’বলৈ যুৱতী আৰু তেওঁৰ মাতৃৰ নগ্ন ছবি ভাইৰেল কৰিলে যুৱকে
অনলাইনত চিনাকি হোৱা এগৰাকী যুৱতী আৰু তেওঁৰ মাতৃৰ ভুৱা নগ্ন ছবি ছচিয়েল মিডিয়াত ভাইৰেল কৰাৰ অভিযোগত এজন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে। অভিযুক্ত যুৱকজন দিল্লীৰ বাসিন্দা আৰু তেওঁৰ নাম সুমিত নেমচান্দ শৰ্মা। তেওঁ সাধাৰণতে ধৰ্মীয় বিষয়ৰ ভিডিঅ’ বনাই অনলাইনত শ্বেয়াৰ কৰিছিল। সেই সূত্ৰেই গুজৰাটৰ বাসিন্দা যুৱতীগৰাকীৰ সৈতে তেওঁৰ চিনাকি হৈছিল। অৱশেষত আহমেদাবাদৰ চাইবাৰ অপৰাধ শাখাৰ আৰক্ষীয়ে অভিযান চলাই অভিযুক্ত সুমিতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
জানিব পৰা মতে, অনলাইনত ধৰ্মীয় বিষয়ত কথা পাতি থকাৰ সময়তে দুয়োৰে মাজত পৰিচয় হৈছিল। কিন্তু লাহে লাহে যুৱকজনে কথাৰ প্ৰসংগ সলনি কৰি যুৱতীগৰাকীৰ সৈতে এক ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলিবলৈ বিচাৰে। যুৱতীগৰাকীয়ে লগে লগে তেওঁৰ এই প্ৰস্তাৱ নাকচ কৰি দিয়ে। অভিযোগ অনুসৰি, ইয়াৰ পিছতে সুমিতে যুৱতীগৰাকীক এসেকা দিয়াৰ বাবে এক ভয়ংকৰ পৰিকল্পনা হাতত লয়।
তদন্তকাৰী আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, যোৱা ডিচেম্বৰ মাহৰ পৰা ৬ এপ্ৰিললৈকে সুমিতে ছচিয়েল মিডিয়াত যুৱতীগৰাকীক অহৰহ অনুসৰণ কৰি আছিল। তেওঁ যুৱতীগৰাকী আৰু তেওঁৰ মাতৃৰ বিভিন্ন সাধাৰণ ছবি সংগ্ৰহ কৰিছিল। তাৰ পিছত ইন্টাৰনেটত পোৱা এআই বা কৃত্ৰিম বুদ্ধিমত্তাৰ সহায় লৈ সেই ছবিবোৰৰ পৰা যুৱতী আৰু মাতৃৰ শতাধিক ভুৱা নগ্ন ছবি আৰু ভিডিঅ’ তৈয়াৰ কৰে। ইয়াৰ পিছত অভিযুক্ত সুমিতে ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব আৰু এক্সত মুঠ আঠটামান ভুৱা একাউণ্ট খুলি সেই নগ্ন ছবি আৰু ভিডিঅ’বোৰ বিয়পাবলৈ আৰম্ভ কৰে।
এই জঘন্য কাণ্ডৰ কথা নজৰলৈ অহাৰ লগে লগে যুৱতীগৰাকীয়ে আহমেদাবাদৰ চাইবাৰ অপৰাধ শাখাৰ লগত যোগাযোগ কৰে। মে’ মাহৰ প্ৰথম সপ্তাহত এখন এজাহাৰ দাখিল কৰা হয় যাৰ পিছত আৰক্ষীয়ে ক্ষিপ্ৰতাৰে তদন্ত আৰম্ভ কৰে। অৱশেষত আৰক্ষীয়ে অভিযুক্ত যুৱকজনৰ সন্ধান উলিয়াই তেওঁক গ্ৰেপ্তাৰ কৰে। বৰ্তমান সুমিতৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতা আৰু তথ্য প্ৰযুক্তি আইনৰ কেইবাটাও কঠোৰ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।