NORTHEAST NOW (Assamese)

তাৰকা বক্সাৰ লাভলীনা বৰগোঁহাইৰ নাম অৰ্জুন বঁটাৰ বাবে মনোনীত

August 19, 2020 3:47 pm · এন ই নাও নিউজ
লাভলীনা বৰগোহাঁইৰ ফাইল ফটো।

অসমৰ প্ৰতিভাৱান বক্সাৰ লাভলীনা বৰগোঁহাইৰ নাম চলিত বৰ্ষৰ অৰ্জুন বঁটাৰ বাবে মনোনীত কৰিছে নিৰ্বাচক সমিতিয়ে।

নতুন দিল্লীত অনুষ্ঠিত ১৮ জনীয়া কমিটীৰ বৈঠকত অন্যান্য খেলুৱৈৰ সৈতে অসম সন্তান লাভলীনাৰ নামটো অৰ্জুন বঁটাৰ বাবে মনোনীত কৰা হয়।

বিশ্ব বক্সিঙত দুবাৰকৈ ব্ৰঞ্জৰ পদক দখল কৰা লাভলীনা টকিঅ’ অলিম্পিকৰ বাবে ঘোষিত ভাৰতীয় বক্সিং দলটো স্থান লাভ কৰিছে।

লাভলীনাৰ নাম অৰ্জুন বঁটাৰ বাবে মনোনীত হোৱাৰ পাছতে অসমৰ ক্ৰীড়া ক্ষেত্ৰত যথেষ্ট উৎসাহৰ সৃষ্টি হৈছে।

লাভলীনাৰ পূৰ্বে অসমৰ পাঁচগৰাকী ক্ৰীড়া বিদে এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল।

ভোগেশ্বৰ বৰুৱা, মনালিছা বৰুৱা মেহতা, জয়ন্ত তালুকদাৰ, শিৱ থাপা আৰু হিমা দাসে অৰ্জুন বঁটা লাভ কৰিছিল।

আনহাতে, ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা ক্ৰিকেটাৰ ৰোহিত শৰ্মাৰ লগতে অন্য তিনিগৰাকী ক্ৰীড়া বিদৰ নাম খেলৰত্ন বঁটাৰ বাবে নিৰ্বাচক সমিতিয়ে মনোনীত কৰিছে।

 

Related News