NORTHEAST NOW (Assamese)
অসম

অসম কন্যাৰ হাতৰ মুঠিত বিশ্ব: লাভলিনাৰ বিশ্বজয়

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 26, 2023 8:34 pm
Lovlina Borgohain

বিশ্বজয় কৰিবলৈ প্ৰয়োজন কি! অদম্য সাহস, মনোবল আৰু একাগ্ৰতা। এয়াই যেন প্ৰমাণ কৰি তুলিলে লাভলিনাই। লাভলিনা বৰগোহাঁই; বিশ্বৰ বুকুত এক সৰু চিহ্ন গোলাঘাটৰ পৰা গৈ এই তৰুণীগৰাকীয়ে আজি জয় কৰিলে বিশ্বক; বিশ্বৰ বুকুত উত্তোলন কৰিলে দেশৰ বিজয় ধ্বজা। মুষ্টিবদ্ধ হাতেৰে বিশ্বৰ বুকুত তুলিলে জয়ৰ লহৰ।

 

পূৰ্বে দুবাৰকৈ বিশ্বজয়ৰ দুৱাৰডলিত থিয় হৈ বিফল মনোৰথেৰে ঘূৰি অহা লাভলিনাই এইবাৰ পূৰ কৰিলে দেশবাসী তথা ৰাজ্যবাসীৰ প্ৰত্যাশা। অলিম্পিক ব্ৰঞ্জ জয়েৰে সৃষ্টি কৰা ইতিহাসৰ পথেৰেই আগবাঢ়ি আজি বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণ জয় কৰিলে অসম কন্যা গৰাকীয়ে।

আজি ৭৫ কিলোগ্ৰাম শাখাৰ ফাইনেলত লাভলিনাই পৰাস্ত কৰে অষ্ট্ৰেলিয়ান প্ৰতিপক্ষ কেইটলিন পাৰ্কাৰক। দুবাৰকৈ বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জ জয়ৰ পিছত আজি লাভলিনাই পাৰ্কাৰক ৫-২ ব্যৱধানত পৰাস্ত কৰি প্ৰথমটো বিশ্ব চেম্পিয়নশ্বিপ স্বৰ্ণত চুম্বন আঁকি দিয়াৰ কৃতিত্ব লাভ কৰে।

এইদৰে বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণ জয় কৰা দেশৰ অষ্টমগৰাকী মহিলা বক্সাৰত পৰিণত হয় লাভলিনা। তদুপৰি লাভলিনাৰ জৰিয়তে চলিত প্ৰতিযোগিতাখনত ভাৰতে লাভ কৰে চতুৰ্থটো স্বৰ্ণ পদক।

লাভলিনাৰ পূৰ্বে কালি নিতু ঘাংঘাছে ৪৮ কিলোগ্ৰাম শাখাত আৰু ছ’ইটী ব’ৰাই ৮১ কিলোগ্ৰাম শাখাত আৰু আজি কিছু সময় পূৰ্বে ছ’ইটী ব’ৰাই ৮১ কিলোগ্ৰাম শাখাত স্বৰ্ণ জয় কৰিছিল।