NORTHEAST NOW (Assamese)

ৰিঙত ননমাকৈয়ে মহিলা বক্সিং চেম্পিয়নশ্বিপৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ লাভলিনাৰ

November 16, 2018 2:25 pm · এন ই নাও নিউজ
ফটো উৎস : ফে'চবুক

বিশ্বৰ বহু আগশাৰীৰ তাৰকা বক্সাৰৰ সমাহেৰেৰে বৃহস্পতিবাৰৰ পৰা ভাৰতৰ ৰাজধানী নতুন দিল্লীত আৰম্ভ হোৱা আইবা বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰা অসমৰ উদীয়মান মহিলা বক্সাৰ লাভলিনা বৰগোঁইয়ে প্ৰথম খেলত বাই লাভ কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰে।

৬৯ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলগীয়া লাভলিনাই বৃহস্পতিবাৰে নিজৰ প্ৰথম ৰাউণ্ডৰ মেচত বাই লাভ কৰা সূত্ৰেই দ্বিতীয় ৰাউণ্ডলৈ অগ্ৰসৰ হয়। এতিয়া লাভলিনাই অহা ১৮ নৱেম্বৰত অৱতীৰ্ণ হ’ব প্ৰি-কোৱাৰ্টাৰ ফাইনেলত। লাভলিনাৰ বিপক্ষৰ খেলুৱৈ হ’ব পানামাৰ এথেইনা বিলন আৰু য়ুক্ৰেইনৰ য়ুলিয়া ষ্ট’ইকোৰ বিজয়ীৰ বিৰুদ্ধে।

ইফালে, ৮১ কিলোগ্ৰাম শাখাত দেশক প্ৰতিনিধিত্ব কৰা অসমৰ আন এগৰাকী প্ৰতিভাৱান বক্সাৰ ভাগ্যৱতী কছাৰীয়ে অহা ১৮ নৱেম্বৰত ৰিঙত নামিব। প্ৰতিযোগিতাখন প্ৰথম ৰাউণ্ডৰ প্ৰতিদ্বন্দ্বী হ’ব জাৰ্মানীৰ নিকোলতা ছচ’নবাৰ্গাৰ।

আনহাতে প্ৰতিযোগিতাৰ মুখ্য আকৰ্ষণ তথা ষষ্ঠবাৰৰ বাবে বিশ্ব চেম্পিয়ন হোৱাৰ আশা পুহি ৰখা এম চি মেৰী কমেও ৪৮ কিলোগ্ৰাম শাখাৰ প্ৰথম ৰাউণ্ডত বাই লাভ কৰিছে।

উল্লেখ্য যে এই প্ৰতিযোগিতাখনত ভাৰতৰ ১০গৰাকী মহিলা বক্সাৰে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

Related News