NORTHEAST NOW (Assamese)

অলিম্পিকত প্ৰি-কোৱাৰ্টাৰলৈ লাভলীনা; এইবাৰ প্ৰতিপক্ষ হ’ব জাৰ্মানীৰ নাদিন এ’পেজ

July 22, 2021 7:40 pm · এন ই নাও নিউজ

অলিম্পিকৰ প্ৰথম ৰাউণ্ডত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে অসম কন্যা লাভলীনা বৰগোঁহাই।

লাভলীনাৰ প্ৰথমখন খেল আছিল অহা ২৪জুলাইত।

লাভলীনাই  ৰাউণ্ড অৱ ৩২ত বাই লাভ কৰি ৰাউণ্ড অৱ ১৬লৈ উত্তীৰ্ণ হ’ল। এই বাই পোৱা সূত্ৰে প্ৰি কোৱাৰ্টাৰত প্ৰৱেশ কৰিলে লাভলীনাই।

প্ৰি কোৱাৰ্টাৰত লাভলীনাৰ প্ৰতিদ্বন্দ্বী হব জাৰ্মানীৰ নাদিন এ’পেজ। ৩৫ বছৰীয়া এপেজ হৈছে প্ৰথমবাৰলৈ অলিম্পিকলৈ যোগ্যতা অর্জন কৰা প্ৰথম গৰাকী জাৰ্মান মহিলা।

অহা ২৭জুলাইৰ পুৱা ১০.৫৭ বজাত অনুষ্ঠিত হ’ব লাভলীনাৰ পৰৱৰ্তী খেল।

Related News