NORTHEAST NOW (Assamese)

বিশ্ব মহিলা বক্সিং : ছেমিত প্ৰৱেশেৰে পদক নিশ্চিত কৰিলে অসমৰ লাভলিনাই 

November 20, 2018 4:22 pm · এন ই নাও নিউজ
Updated: November 20, 2018 4:24 pm
ফটো উৎস : টুইটাৰ

দিল্লীত চলি থকা বিশ্ব মহিলা বক্সিঙত শক্তিশালী প্ৰতিপক্ষক ঘটুৱাই অসমৰ প্ৰতিভাৱান যুৱতী বক্সাৰ লাভলিনা বৰগোহাঁয়ে ছেমিত প্ৰৱেশ কৰাৰ উপৰি চেম্পিয়নশ্বিপত পদক নিশ্চিত কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।

আজি অনুষ্ঠিত ৬৯ কিলোগ্ৰাম শাখাৰ কোৱাৰ্টাৰ ফাইনেলত লাভলিনাই অষ্ট্ৰেলিয়াৰ বক্সাৰ কে ফ্ৰান্সেছ স্কটক স্পষ্ট ৫-০ৰ ব্যৱধানত পৰাস্ত কৰে।

উল্লেখ্য যে চলিত বছৰৰে গ’ল্ড কষ্টত অনুষ্ঠিত হোৱা কমনৱেল্থ গেইমছৰ ব্ৰঞ্জ মেডেলিষ্ট ফ্ৰান্সেছ স্কটৰ বিপক্ষে কোৱাৰ্টাৰ ফাইনেলত লাভলিনাই মুখামুখি হয় যদিও কোনো ধৰণৰ চাপত নপৰাকৈয়ে লাভলিনাই সহজে অষ্ট্ৰেলিয়াৰ বক্সাৰগৰাকীক পৰাভূত কৰিবলৈ সক্ষম হয়।

ইফালে এই প্ৰতিযোগিতাখনতে অসমৰ আন এগৰাকী বক্সাৰ ভাগ্যৱতী কছাৰীয়ে কোৱাৰ্টাৰ ফাইনেলত কলম্বিয়ান বক্সাৰ এগৰাকীৰ হাতত ৩-২ৰ ব্যৱধানত পৰাস্ত হৈ পদক জয়ৰ দৌৰৰ পৰা অপ্ৰত্যাশিত বিদায় লয়।

উল্লেখযোগ্য যে দিল্লীত যোৱা ১৫ নৱেম্বৰৰ পৰা হৈ থকা বিশ্ব মহিলা চেম্পিয়নশ্বিপত ৩৫ বছৰীয়া মেৰী কমকে ধৰি ভাৰতৰ হৈ উত্তৰ-পূবৰ বহু কেইগৰাকী বক্সাৰে দমনীয় প্ৰদৰ্শন আগবঢ়াই পদক বিজয়ৰ সম্ভাৱনা প্ৰকট কৰি তুলিছে। প্ৰতিযোগিতাখন অহা ২৪ নৱেম্বৰত সামৰণি পৰিব।

Related News