NORTHEAST NOW (Assamese)
Popular Stories

মোদীয়ে পাকঘৰত বঢ়ালে উত্তাপ! প্ৰতি চিলিণ্ডাৰত বৃদ্ধি হ’ল ৫০ টকা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 1, 2023 12:50 pm
মোদীয়ে পাকঘৰত বঢ়ালে উত্তাপ! প্ৰতি চিলিণ্ডাৰত বৃদ্ধি হ’ল ৫০ টকা

আকৌ কেন্দ্ৰ চৰকাৰে দেশৰ জনতাৰ মূৰত ৰামটাঙোন মাৰিছে।

বুধবাৰে (১ মাৰ্চ ২০২৩) ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ৫০ টকাকৈ বৃদ্ধি কৰা হৈছে। আনহাতে বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য ৩৫০.৫০ টকা বৃদ্ধি কৰিছে।

ইয়াৰ পূৰ্বে ২০২২ চনৰ ৬ জুলাইত এই মূল্য বৃদ্ধি কৰিছিল তেল কোম্পানীয়ে। সেই সময়ত কোম্পানীসমূহে প্ৰতি চিলিণ্ডাৰ মূল্য ৫০ টকা বৃদ্ধি কৰিছিল যাৰফলত ইয়াৰ মূল্য ১০৫৩ টকালৈ বৃদ্ধি পাইছিল।

ইয়াৰ পূৰ্বে ২০২২ চনৰ ১৪.২ কেজি ঘৰুৱা এল পি জি চিলিণ্ডাৰ প্ৰায় ১৫৪ টকা ব্যয়বহুল হৈ পৰিছিল।

আনহাতে ইয়াৰ বিপৰীতে ১৯ কেজিৰ চিলিণ্ডাৰটো ৩৫৭ টকাকৈ হ্ৰাস কৰা হৈছিল। এই সময়ছোৱাত ১৯ কেজিৰ বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য মুঠ ১৮ বাৰ সাল সলনি কৰা হৈছে।