NORTHEAST NOW (Assamese)
অসম

আজিৰে পৰা বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰ দাম; চাওক কিমান বাঢ়িল দাম?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 1, 2020 10:41 am
568346-gas.gif

যোৱা তিনিমাহ একেলেথাৰিয়ে কিছু দাম হ্ৰাস পোৱাৰ পাছত আজিৰে পৰা বৃদ্ধি কৰা হৈছে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম।

আন্তৰ্জাতিক পৰ্যায়ত জুন মাহত এল পি জিৰ মূল্য বৃদ্ধি পোৱাৰ বাবেই ভাৰততো ৰন্ধন গেছৰ দাম বৃদ্ধি কৰিব লগা হৈছে বুলি ইণ্ডিয়ান অইলৰ এক বিবৃতিত কোৱা হৈছে।

দিল্লীত প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ খুচুৰা মূল্য ১১.৫০টকা বৃদ্ধি পাইছে।

যোৱা মে’ মাহত দিল্লীত ৰন্ধন গেছৰ ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ৭৪৪টকাৰ পৰা ৫৮১টকালৈ হ্ৰাস পাইছিল।

নতুন বৰ্দ্ধিত মূল্য অনুসৰি, জুন মাহৰ পৰা ১৪.২ কিলোগ্ৰাম ৰাজসাহায্যবিহীন চিলিণ্ডাৰৰ মূল্য দিল্লীত ৫৯৩টকা, কলকাতাত ৬১৬টকা, মুম্বাইত ৫৯০.৫০টকা, চেন্নাইত ৬০৬টকা।

গুৱাহাটীত নতুন মূল্য অনুসৰি প্ৰতিটো ৰাজসাহায্যবিহীন চিলিণ্ডাৰৰ মূল্য হ’ব ৬৩৬টকা।

যোৱা ফেব্ৰুৱাৰী মাহত ১৪.২ কিলোগ্ৰাম ৰাজসাহায্যবিহীন চিলিণ্ডাৰৰ মূল্য দিল্লীত ৮৫৮টকা আছিল।

এতিয়া গেছ চিলিণ্ডাৰৰ বৰ্দ্ধিত মূল্য বৃদ্ধিয়ে চলিত মাহত প্ৰধান মন্ত্ৰী উজলা আঁচনিৰ হিতাধিকাৰীসকলৰ ওপৰত কোনো প্ৰভাৱ নেপেলায়।

কিয়নো প্ৰধান মন্ত্ৰী গৰীব কল্যান আঁচনিৰ অধীনত ৩০ জুনলৈকে তেওঁলোকে বিনামূলীয়া চিলিণ্ডাৰ সুবিধা লাভ কৰিব।

আজিৰে পৰা আৰম্ভ হোৱা লকডাউন ৫.০ত চৰকাৰে অনা শিথিলতাৰ মাজতে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য বৃদ্ধিয়ে স্বাভাৱিকতে সাধাৰণ নাগৰিকক প্ৰভাৱিত কৰিব।