NORTHEAST NOW (Assamese)

১৩দিনৰ ভিতৰত দ্বিতীয়বাৰ! আজিৰে পৰা পুনৰ ৫০টকা বৃদ্ধি পালে ৰন্ধন গেছৰ দাম

December 15, 2020 12:15 pm · এন ই নাও নিউজ

অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যই ইতিমধ্যে সৰ্বসাধাৰণক জুৰুলা কৰিছে। তাৰ মাজতে পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ দাম।

সোমবাৰে মাজনিশাৰ জাৰি কৰা এক বিজ্ঞপ্তিত ৰাষ্ট্ৰীয়কৃত তেল কোম্পানি সমূহে ঘৰুৱা ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ কথা জানিবলৈ দিয়ে।

বিগত ১৩ দিনৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে এইদৰে ৰন্ধন গেছৰ দাম বৃদ্ধি পালে। ঘৰুৱা ৰন্ধন গেছৰ দাম ৫০টকা বৃদ্ধি পাইছে।

এইক্ষেত্ৰত ১৯ কিলোগ্ৰাম ওজনৰ বাণিজ্যিক ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ মূল্যও বৃদ্ধি পাইছে। প্ৰতিটো বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ৩৬.৫০টকা বৃদ্ধি পাইছে। আজি ১৫ ডিচেম্বৰৰ পৰাই বৰ্দ্ধিত মূল্য কাৰ্যকৰী হ’ব বুলি কোৱা হৈছে।

এতিয়া অসমত প্ৰতিটো ১৪ কিলোগ্ৰামৰ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য হ’বগৈ ৬৯৩টকা।

আনহাতে, অইল মাৰ্কেটিং কোম্পানি সমূহে ১ ডিচেম্বৰত বাণিজ্যিক গেছৰ ১৯ কিলোগ্ৰামৰ চিলিণ্ডাৰৰো মূল্য ৫৫ টকা বৃদ্ধি কৰিছিল।

১৪ কিলোগ্ৰামৰ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য শেষবাৰৰ বাবে ১ ডিচেম্বৰত বৃদ্ধি পাইছিল ৫০ টকা। এইদৰে এমাহৰ ভিতৰতে ৰন্দন গেছৰ দাম ১০০টকা বৃদ্ধি পালে।

উল্লেখ্য যে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্যবোৰ আন্তৰ্জাতিক মানদণ্ডৰ হাৰ আৰু বিদেশী মুদ্ৰাৰ বিনিময় হাৰৰ হিচাপত নিৰ্ধাৰণ কৰা হয়। সেইবাবে প্ৰতি মাহে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ ৰাজসাহায্যৰ পৰিমানো সলনি হৈ থাকে।

Related News