NORTHEAST NOW (Assamese)

কোকৰাঝাৰ সমষ্টিৰ বি পি এফ প্ৰাৰ্থী মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰ মনোনয়ন দাখিল

April 2, 2019 3:48 pm · এন ই নাও নিউজ
Updated: April 2, 2019 3:54 pm

ৰাজ্যৰ সমাজ কল্যাণ আৰু ভূমি সংৰক্ষণ বিভাগৰ মন্ত্ৰী তথা আগন্তুক লোকসভা নিৰ্বাচনত কোকৰাঝাৰ সমষ্টিৰ বি পি এফৰ প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্মই আজি নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে।

প্ৰাপ্ত তথ্য মতে আজি দিনৰ প্ৰায় ১১ বজাত মন্ত্ৰী গৰাকীয়ে কোকৰাঝাৰৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত গৈ নিৰ্বাচনী বিষয়াৰ হাতত মনোনয়ন পত্ৰ জমা দিয়ে।

আনহাতে মনোনয়ন পত্ৰ দাখিলৰ সময়ত তেওঁক বি পি এফৰ প্ৰধান হাগ্ৰামা মহিলাৰী, মন্ত্ৰী চন্দন ব্ৰহ্ম, ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, বি পি এফৰ বিধায়ক অমল কৃষ্ণ নাৰ্জাৰী, বিধায়ক ৰবিৰাম নাৰ্জাৰীকে ধৰি দলৰ শতাধিক সমৰ্থকে বিশাল সমদলেৰে আগবঢ়াই নিয়ে।

উল্লেখযোগ্য যে অহা ২৩ এপ্ৰিলত তিতৃয় পৰ্যায়ত ৫নং কোকৰাঝাৰ লোকসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ’ব।

Related News