NORTHEAST NOW (Assamese)

চলিত মাহতেই অৱসৰ ল’ব নাৰাৱনে; দেশৰ নতুন সেনা প্ৰধান লেফটেনেন্ট জেনেৰেল মনোজ পাণ্ডে

April 19, 2022 7:59 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 19, 2022 10:22 am
দেশৰ নতুন সেনা প্ৰধান লেফটেনেন্ট জেনেৰেল মনোজ পাণ্ডে।

লেফটেনেন্ট জেনেৰেল মনোজ পাণ্ডেক দেশৰ নতুন সেনা প্ৰধান হিচাপে নিযুক্ত দিয়া হৈছে।দেশৰ ২৯সংখ্যক সেনা প্ৰধান হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব মনোজ পাণ্ডেই। প্ৰথমবাৰৰ বাবে এগৰাকী অভিযন্তা (ইঞ্জিনিয়াৰ) দেশৰ সেনাপ্ৰধান হিচাপে নিযুক্ত হ’ল।  

মনোজ পাণ্ডেই বৰ্তমান সহকাৰী সেনা প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল আৰু তেওঁৱেই এইবাৰ সেনা প্ৰধান মনোজ মুকুন্দ নাৰাৱনেৰ স্থানত অধিষ্ঠিত হ’ব।

উল্লেখ্য যে চলিত মাহতেই সেনা প্ৰধান নাৰাৱনে অৱসৰ গ্ৰহণ কৰিব। অহা ৩০ এপ্ৰিলত তেওঁৰ কাৰ্যকালৰ অন্ত পৰিব। তাৰ পিছতে মনোজ পাণ্ডে দায়িত্বভাৰ গ্ৰহণ কৰিব।

সোমবাৰে প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ পৰা সদৰী কৰা হয় যে মনোজ পাণ্ডেক পৰৱৰ্তী দেশৰ সেনা প্ৰধানৰ দায়িত্ব দিয়া হ’ব। প্ৰথমবাৰৰ বাবে সেনাৰ অভিযন্তা পদৰ পৰা সেনা বাহিনীৰ প্ৰধান হিচাপে তেওঁক নিযুক্ত দিয়া হৈছে।

লেফটেনেন্ট জেনেৰেল মনোজ পাণ্ডে ১৯৮২ চনত নেশ্যনেল ডিফেন্স একাডেমীৰ পৰা স্নাতক হোৱাৰ পিছত অভিযন্তা পদত নিযুক্ত হয়।

তেওঁ জম্মু-কাশ্মীৰৰ পাল্লানওৱাল ছেক্টৰক অপাৰেশ্যন পৰাক্ৰমত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তাৰপিছত তেওঁ ইষ্টাৰ্ণ কমাণ্ডৰ দায়িত্ব লাভ কৰে। আন্দামান নিকোবৰত কমাণ্ডাৰ ইন চীফ পদতো কাৰ্যনিৰ্বাহ কৰিছিল পাণ্ডে। মনোজ পাণ্ডেই উত্তৰ-পূৰ্বাঞ্চলতো সন্ত্ৰাসবাদ বিৰোধী যুঁজত নেতৃত্ব দিছিল।  

চলিত বছৰতেই মনোজ পাণ্ডে সহাৰী সেনা প্ৰধান হিচাপে নিযুক্ত হয়। ইপিনে, ২৮ মাহ সেনা প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰি অহা ৩০ এপ্ৰিলত মনোজ মুকুন্দ নাৰাৱনে অৱসৰ গ্ৰহণ কৰাৰ পিছতেই সেনা প্ৰধানৰ দায়িত্ব চম্ভালিব মনোজ পাণ্ডেই।  

Related News