NORTHEAST NOW (Assamese)
অসম

অথলে গ’ল হাৰ্দিকৰ অনন্য অভিলেখ; পন্থৰ ব্যৰ্থতাৰ দিনটোত লক্ষ্ণৌৰ জয়ৰ নায়ক মাৰ্চ-মাৰ্কৰাম

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 5, 2025 8:02 am

তেওঁ ২৭ কোটিৰ তাৰকা। কেৱল অধিনায়ক হিচাপেই নহয়, বেটছমেন হিচাপেও তেওঁৰ পৰা ফ্ৰেঞ্চাইজিৰ মালিকৰ পৰা অনুৰাগীলৈকে সকলোৰে আশা বহুত। কিন্তু সেই প্ৰত্যাশাৰ চাপত যেন বিচলিত ঋষভ পন্থ। তেওঁ আকৌ বেটিঙত বিফল হ’ল। অৱশ্যে শুকুৰবাৰে সন্ধিয়া ঘৰুৱা খেলপথাৰত লক্ষ্ণৌৰ জয়ে সঞ্জীৱ গোৱেংকাক কিছু সকাহ দিছে।

ইপিনে, মেচখনত পৰাস্ত হোৱাৰ পাছতো ক্ৰিকেট অনুৰাগীৰ হৃদয় জয় কৰিছিল হাৰ্দিক পাণ্ডিয়াই। চাপত দুৰ্দান্ত বেটিং কৰাৰ সমান্তৰালকৈ তেওঁ বলিঙেৰে আই পি এলত এক অভিলেখ গঢ়ি তুলিছিল। তথাপিও তেওঁ অলপ হতাশ হ’ব পাৰে। কাৰণ দুৰ্দান্ত যুঁজ দিয়াৰ পিছতো মুম্বাইৰ বাবে জয় আধৰুৱা হৈ থাকিল।

শুকুৰবাৰে লক্ষ্ণৌৰ বিৰুদ্ধে আঘাতৰ বাবে ইমপেক্ট প্লেয়াৰ হিচাপেও খেলিব নোৱাৰিলে ৰোহিত শৰ্মাই। যশপ্ৰীত বুমৰাহৰ উভতি অহাৰ দিন এতিয়াও নিৰ্ণয় হোৱা নাই। অৱশ্যে হাৰ্দিকে জয়ী হ’বলৈ চেষ্টাৰ কোনো ত্ৰুটি নকৰিলে।

টছত জয়লাভ কৰাৰ পাছত হাৰ্দিকে লক্ষ্ণৌক প্ৰথমে বেটিং কৰিবলৈ পঠিয়ায় আৰু নিজেই অনন্য বলিঙেৰে ৫টা উইকেট দখল কৰে। ইয়াৰ লগে লগে তেওঁ আই পি এলৰ ইতিহাসত পাঁচ উইকেট দখল কৰা প্ৰথমজন অধিনায়ক হিচাপে পৰিগণিত হয়।

অৱশ্যে তাৰ আগতে লক্ষ্ণৌৰ অ’পেনিং যুটীয়ে উইকেটত ধুমুহা তুলিছিল। লক্ষ্ণৌৱে মিচেল মাৰ্ছ আৰু এডেন মাৰ্কৰামৰ মাজত শক্তিশালী পাৰ্টনাৰশ্বিপেৰে মজবুত স্থিতিত উপনীত হয়। নিকোলাছ পুৰানে ১২ ৰান আৰু পন্থে ২ ৰান কৰি দ্ৰুত পেভিলিয়নলৈ উভতিছিল যদিও আয়ুষ বাদোনি (৩০) আৰু ডেভিদ মিলাৰে ২৭ ৰান কৰি দলটোক ডাঙৰ স্কোৰৰ দিশে লৈ যায়।

পন্থ পুনৰ বিফল হোৱাৰ লগে লগে ছ’চিয়েল মিডিয়াত কে এল ৰাহুলক ঘূৰাই অনাৰ আহ্বানেৰে জোৱাৰ উঠিছিল। নিলামৰ টেবুলত দুবাৰ চিন্তা নকৰাকৈয়ে ২৭ কোটি টকা খৰছ কৰি পন্থক লাভ কৰা সঞ্জীৱ গোৱেংকাৰ মুখত চিন্তাৰ ৰেখা প্ৰকট হৈ পৰা যেন লাগে। কাৰণ তেওঁ এইটোও জানে যে প্ৰতিযোগিতাখন আগবাঢ়ি যোৱাৰ লগে লগে পন্থ ফৰ্মলৈ ঘূৰি নাহিলে দলটোৰ ওপৰত চাপ বাঢ়িব।

অৱশ্যে এই যাত্ৰাত মাৰ্চ আৰু মাৰ্কৰাম আৰু বলাৰৰ সৌজন্যত পন্থৰ সন্মান সুৰক্ষিত হৈছিল। এই মেচতে মুম্বাইৰ বিৰুদ্ধে পেচাৰ আকাশ দীপে প্ৰত্যাশিত প্ৰত্যাৱৰ্তন কৰে। তেওঁ এটা উইকেটো লয় ।

শুকুৰবাৰে সূৰ্যকুমাৰ যাদৱ যিদৰে উজলি উঠিছিল, মুম্বাইৰ অনুৰাগীসকলে এসময়ত জয়ৰ সপোন দেখিবলৈ আৰম্ভ কৰিছিল। কিন্তু শেষত সেয়া নহ’ল। চাৰিখন মেচৰ ভিতৰত দুখন খেলত জয়লাভ কৰি এতিয়া লক্ষ্ণৌৱে ৬ নম্বৰ স্থানলৈ উন্নীত হৈছে।

সংক্ষিপ্ত স্কোৰঃ

লক্ষ্ণৌ ছুপাৰ জায়েন্টছ: ২০৩/৮ (মাৰ্চ-৬০, মাৰ্কৰাম-৫৩, হাৰ্দিক-৩৬/৫)

মুম্বাই ইণ্ডিয়ানছ: ১৯১/৫ (সূৰ্য্যকুমাৰ-৬৭, নমন-৪৬)

লক্ষ্ণৌ ছুপাৰ জায়েন্টছ ১২ ৰানত জয়লাভ কৰে।