NORTHEAST NOW (Assamese)

অসমৰ বিশিষ্ট গীতিকাৰ মন্মথ বৈশ্য গুৱাহাটী হেলথ চিটি হাস্পতালত চিকিৎসাধীন

August 24, 2020 5:38 pm · এন ই নাও নিউজ

বেলি গ’ল গধূলি হ’ল, মধুৰ মুৰতি, নামামী ব্ৰহ্মপুত্ৰ আদি জনপ্ৰিয় গীতেৰে অসমৰ সংগীত জগত খনক সমৃদ্ধ কৰা মন্মথ বৈশ্য যোৱা ১৫ আগষ্টৰ পৰা গুৱাহাটীৰ হেল্থ চিটি হস্পিতালত চিকিৎসাধিন হৈ আছে।

পৰিয়ালৰ লোকে জনোৱা মতে তেখেতৰ স্বাস্থ্য সংকটজনক অৱস্থাৰ পৰা উন্নতি ঘটা নাই।

অসম সাহিত্য সভাৰ মুখপাত্ৰ ড০ সঞ্জীৱ কুমাৰ শৰ্মা, ৰামধেনুৰ আহ্বায়ক মানিক আহমেদ প্ৰমুখ্যে এটি দলে স্বাস্থ্যৰ বুজ লোৱাৰ উদ্দেশ্যে হাস্পতালত উপস্থিত হয়।

শতাধিক গীত আৰু ঋণ মুক্তি আদিৰ দৰে উপন্যাস ৰচনাৰে অসমৰ সাহিত্য জগতলৈ আগবঢ়োৱা অৱদানৰ পিছতো মন্মথ বৈশ্যই বিশেষ একো স্বীকৃতি নাপালে বুলিও দলটোৱে আক্ষেপ প্ৰকাশ কৰে।

দলটিয়ে জনপ্ৰিয় গীতিকাৰ গৰাকীৰ অশু আৰোগ্য কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়।

Related News