NORTHEAST NOW (Assamese)

ভনীয়েককো চেৰ পেলাব পৰা সৌন্দৰ্য্য, সফলতাৰ পিছতো থাকিল লুকাই! মাধুৰীৰ বায়েকক জানেনে?

April 3, 2025 5:07 pm · এন ই নাও নিউজ, গুৱাহাটী

বলীউডৰ অন্যতম বিখ্যাত অভিনেত্ৰী মাধুৰী দীক্ষিত। নব্বৈৰ দশকৰ এইগৰাকী জনপ্ৰিয় নায়িকাই কেৰিয়াৰৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰিছে মাত্ৰ। বহু বিৰতিৰ অন্তত তেওঁ পুনৰ কেমেৰাৰ সন্মুখত থিয় দিছে। শেহতীয়াকৈ মাধুৰী দীক্ষিতক দেখা গৈছেল ‘ভূল ভুলাইয়া-৩’ত। প্ৰত্যাৱৰ্তন কৰি তেওঁ দেখুৱাইছে যে তেওঁৰ এতিয়াও উদ্যোগটোত যথেষ্ট প্ৰভাৱ আছে।

অতি কম বয়সতে বলীউডত যাত্ৰা আৰম্ভ কৰিছিল মাধুৰী দীক্ষিতে। তেওঁৰ নৃত্যই প্ৰথমে তেওঁক মানুহৰ দৃষ্টিগোচৰ কৰিছিল। নৃত্যৰ জৰিয়তে তেওঁ চিনেমাত কেৰিয়াৰ গঢ়ি তোলাৰ সুযোগ পাইছিল।

নৃত্য-অভিনয়ৰ জৰিয়তে মাধুৰী দীক্ষিত জনপ্ৰিয়তাৰ শিখৰত উপনীত হোৱাৰ বিপৰীতে তেওঁৰ ভগ্নী অন্তৰালতে ৰৈ গৈছে। কিন্তু সৌন্দৰ্য্যই হওক বা প্ৰতিভাই হওক কোনো কাৰণতে তেওঁ অভিনেত্ৰীতকৈ কম নহয়। কিন্তু লাইমলাইটৰ বাহিৰত থকাৰ বাবে তেওঁৰ পৰিচয় জনসাধাৰণৰ বাবে অজ্ঞাত হৈ থাকিল।

১৯৬৭ চনত মুম্বাইৰ ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল মাধুৰী দীক্ষিত। মাক-দেউতাকৰ কনিষ্ঠা কন্যা। মাধুৰীৰ আৰু দুগৰাকী ভগ্নী আৰু এজন ককায়েক আছে। অভিনেত্ৰীগৰাকীয়ে মাত্ৰ ৩-৪ বছৰ বয়সৰ পৰাই নৃত্যৰ প্ৰশিক্ষণ আৰম্ভ কৰিছিল। মাধুৰী দীক্ষিতে কথক শিকিবলৈ ডাঙৰ বায়েক ৰূপাৰ লগত নামভৰ্তি কৰিছিল আৰু অতি সোনকালেই নৃত্যৰ প্ৰতি মোহত পৰিছিল। সৰুৰে পৰাই তেওঁৰ নৃত্যৰ প্ৰতিভা স্পষ্ট হৈ পৰিছিল। বিভিন্ন স্থানত মঞ্চতো অনুষ্ঠান পৰিৱেশন কৰিছিল।

আন্ধেৰীৰ ডিভাইন চাইল্ড হাইস্কুলৰ পৰা পঢ়া-শুনা সমাপ্ত কৰি মাধুৰী দীক্ষিতে ভিলে পাৰ্লেৰ এখন কলেজত নামভৰ্তি কৰিছিল। কিন্তু তেওঁ আৰু পঢ়া-শুনাত মনোনিৱেশ কৰিব নোৱাৰিলে। কাৰণ তেতিয়াৰ পৰাই নৃত্যৰ দক্ষতাৰ বাবেই ছবিত অভিনয়ৰ প্ৰস্তাৱ আহিবলৈ ধৰিলে। অৱশেষত মাধুৰী দীক্ষিতে অভিনয় কেৰিয়াৰ বাছি লৈছিল। অভিনেত্ৰীগৰাকীয়ে কয় যে তেওঁ মাত্ৰ ৯ বছৰ বয়সতে প্ৰথম কথক নৃত্যৰ বৃত্তি লাভ কৰিছিল।তেওঁৰ ছবি কাকততো প্ৰকাশ পাইছিল।

যদিও মাধুৰী আৰু জ্যেষ্ঠ ভনীয়েক ৰূপাই একেলগে নৃত্যত নামভৰ্তি কৰিছিল, তথাপিও তেওঁ অভিনয়ৰ ধাৰাবাহিকতা ৰক্ষা কৰা নাছিল। বৰঞ্চ তেওঁৰ দুয়োগৰাকী ভগ্নীয়ে বিভিন্ন পেছা বাছি লৈ যথেষ্ট সফল হৈছে। ৰূপা দীক্ষিত পেছাত এগৰাকী চফটৱেৰ আৰ্কিটেক্ট আৰু ভাৰতী দীক্ষিত এগৰাকী কম্পিউটাৰ অভিযন্তা। যথেষ্ট ধুনীয়া আৰু প্ৰতিভাশালী হোৱাৰ পিছতো দুয়োজনে লাইমলাইটৰ পৰা আঁতৰি থকাটোৱে পছন্দ কৰে।

Related News