NORTHEAST NOW (Assamese)

বিলাহীৰ জ্বালা! এইবাৰ সংসাৰ ভাঙোনৰ কাৰক হ’ল বিলাহী

July 13, 2023 7:16 pm · এন ই নাও নিউজ, গুৱাহাটী

বিলাহী এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু। সৰ্বসাধাৰণ ৰাইজৰ বাবে এতিয়া বিলাহী হৈ পৰিছে বহুল মূল্যৱান দ্ৰব্য। বজাৰত এতিয়া আকাশলংঘী হৈছে বিলাহীৰ দাম। প্ৰতিকিলো বিলাহীৰ দামে বজাৰত সম্প্ৰতি শতক সম্পূৰ্ণ বা অতিক্ৰম কৰিছে।

বিলাহীৰ এই অভূতপূৰ্ব দৰৰ বাবেই দেশৰ বিভিন্ন স্থানত ঘটিছে আজৱ কাণ্ড। ক’ৰবাত যদি শুনা গৈছে শাক-পাচলি বিক্ৰেতাৰ ঘৰৰ পৰা লাখ লাখ টকাৰ বিলাহী চুৰি হৈছে, ক’ৰবাত আকৌ বিলাহী পহৰা দিবলৈ বাউন্সাৰ ৰাখিব লগা হৈছে।

পিছে এই সকলো ঘটনাতকৈ আন এক আমোদজনক কাহিনী সম্প্ৰতি পোহৰলৈ আহিছে। এইবাৰ সংসাৰ ভাঙোতাৰ ৰূপত অৱতীৰ্ণ হ’ল বিলাহী। বিলাহীৰ বাবেই ভাঙোনমুখী হৈ পৰিছে এহাল দম্পতীৰ সংসাৰ।

অনুমতি অবিহনে স্বামীয়ে বিলাহী ৰন্ধাৰ ক্ষোভতে স্বামীগৃহ ত্যাগ কৰিছে এগৰাকী মহিলাই। এই আশ্চৰ্যকৰ ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ শ্বাহদলত।

প্ৰকাশিত খবৰ অনুসৰি, সঞ্জীৱ বৰ্মন নামৰ এগৰাকী ব্যক্তিয়ে জীৱিকা হিচাপে চলাই আছে টিফিন সেৱা। শেহতীয়াকৈ সঞ্জীৱে খাদ্য পৰিবেশনৰ বাবে পাকঘৰত ৰান্ধি আছিল আঞ্জা। সেই সময়ত ঘৰত নাছিল তেওঁৰ পত্নী।

সঞ্জীৱে এই আঞ্জাত ব্যৱহাৰ কৰিলে দুটা বিলাহী। ইফালে তেওঁৰ পত্নী ঘৰত উপস্থিত হৈ ডেলিভাৰীৰ বাবে ৰখা খাদ্যত বিলাহী দেখি ক্ষোভত ফাটি পৰিল। স্বামী-স্ত্ৰীৰ মাজত আৰম্ভ হ’ল কাজিয়া।

তৰ্ক-বিতৰ্কৰ অন্তত নিজ কন্যাসন্তানক লগত লৈ সঞ্জীৱৰ ঘৰৰ পৰা যায় তেওঁৰ পত্নীয়ে। ইফালে ঘটনাৰ তিনিদিন উকলি যোৱাৰ পিছত পত্নী-কন্যাক বিচাৰি নাপাই স্থানীয় আৰক্ষীৰ কাষ চাপিল সঞ্জীৱ।

ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বিগত তিনিদিন ধৰি পত্নীৰ সৈতে কোনো ধৰণৰ যোগাযোগ কৰিব পৰা নাই সঞ্জীৱে।

তেওঁৰ অভিযোগৰ ভিত্তিতে এতিয়া পত্নী-কন্যাৰ সন্ধানত অভিযান অব্যাহত আছে বুলি আৰক্ষী বিষয়াগৰাকীয়ে লগতে জানিবলৈ দিয়ে।

Related News