NORTHEAST NOW (Assamese)

ন্যায়পালিকাতো দুৰ্নীতি আছে, ন্যায়াধীশসকল ধোৱা তুলসীৰ পাত নহয়! তামিল ছবি ‘কৰুপ্পু’ নিষিদ্ধকৰণৰ দাবী নাকচ কৰি সৰৱ উচ্চ ন্যায়ালয়

May 28, 2026 1:20 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 28, 2026 2:23 pm

ন্যায়পালিকাৰ দুৰ্নীতিক মুকলিকৈ স্বীকাৰ কৰি মাদ্ৰাজ উচ্চ ন্যায়ালয়ে সদ্যমুক্তিপ্ৰাপ্ত তামিল ছবি ‘কৰুপ্পু’ৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিবলৈ অস্বীকাৰ কৰিছে। যোৱা ২১ মে’ত প্ৰদান কৰা এক গুৰুত্বপূৰ্ণ ৰায়দানত ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে ন্যায়াধীশসকল সমালোচনাৰ ঊৰ্ধ্বত নহয় আৰু তেওঁলোকক কোনো ‘ধুৱা তুলসীৰ পাত’ হিচাপে গণ্য কৰাৰ প্ৰয়োজন নাই। ছবিখনত ন্যায়িক ব্যৱস্থাক অপমানজনকভাৱে উপস্থাপন কৰাৰ অভিযোগ তুলি এখন ছবি নিষিদ্ধকৰণৰ দাবীৰে এগৰাকী অধিবক্তাই দাখিল কৰা আৱেদন খাৰ্জ কৰি উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে এই তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰে।

যোৱা ১৫ মে’ত মুক্তিলাভ কৰা ‘কৰুপ্পু’ নামৰ তামিল ছবিখন পৰিচালনা কৰিছে আৰ. জে. বালাজীয়ে আৰু ইয়াত মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা সূৰিয়া আৰু তৃষা কৃষ্ণনে। ছবিখনৰ কাহিনীত এগৰাকী ৰক্ষক দেৱতাই অধিবক্তাৰ ছদ্মবেশ ধৰি আদালতৰ মজিয়াত চলি থকা দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিয়া দেখুওৱা হৈছে, য’ত যকৃত সংৰোপণৰ বাবে অপেক্ষাৰত এগৰাকী যুৱতীক ন্যায়িক ব্যৱস্থাই শোষণ কৰে। আৱেদনকাৰী অধিবক্তাগৰাকীয়ে অভিযোগ কৰিছিল যে ছবিখনৰ এটা দৃশ্যত এগৰাকী ন্যায়াধীশক উৎকোচ গ্ৰহণ কৰা আৰু ড্ৰাগছ সেৱন কৰা অৱস্থাত দেখুওৱা হৈছে। পৰিচালকে কোনো বিচাৰ-বিবেচনা নকৰাকৈ এনে দৃশ্য নিৰ্মাণ কৰিছে বুলি উল্লেখ কৰি আৱেদনকাৰীয়ে দাবী কৰে যে ই সংবিধান বিৰোধী আৰু ই সমগ্ৰ ন্যায়িক ব্যৱস্থাক লঘু কৰি অপৰাধমূলক আদালত অৱমাননাৰ পৰ্যায়ত পৰিছে। সেয়েহে তেওঁ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণন ব’ৰ্ডক (CBFC) ছবিখন থিয়েটাৰ আৰু অ’টিটি প্লেটফৰ্মত নিষিদ্ধ বা নিয়ন্ত্ৰণ কৰিবলৈ নিৰ্দেশ দিয়াৰ দাবী জনাইছিল।

এই আৱেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ জি. আৰ. স্বামীনাথন আৰু ন্যায়াধীশ ভি. লক্ষ্মীনাৰায়ণনৰ বিচাৰপীঠে কয় যে ন্যায়পালিকাত দুৰ্নীতি থকা কথাটো কোনেও অস্বীকাৰ কৰিব নোৱাৰে আৰু পূৰ্বেও দুৰ্নীতিগ্ৰস্ত ন্যায়াধীশ আছিল তথা বৰ্তমানো আছে। বিচাৰপীঠে স্পষ্টকৈ উল্লেখ কৰে যে ন্যায়পালিকাই সাধাৰণ মানুহৰ তীক্ষ্ণ অথচ সন্মানজনক সমালোচনা সহ্য কৰিবলৈ প্ৰস্তুত থাকিব লাগিব। ছবিখনত ন্যায়িক ব্যৱস্থাক অত্যন্ত অতিৰঞ্জিতভাৱে উপস্থাপন কৰা হৈছে বুলি স্বীকাৰ কৰিলেও ন্যায়ালয়ে কয় যে তামিল ছবিত এয়াই স্বাভাৱিক, য’ত এজন নায়কে অকলেই দহজন খলনায়কক পৰাস্ত কৰে। শিল্পীক নিজৰ শৈল্পিক স্বাধীনতাৰ মাজেৰে কাহিনী কোৱাৰ অধিকাৰ প্ৰদান কৰাটো জৰুৰী বুলি উল্লেখ কৰি ন্যায়ালয়ে কয় যে যিহেতু কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণন ব’ৰ্ডে ছবিখন প্ৰদৰ্শনৰ বাবে ইতিমধ্যে অনুমোদন জনাইছে আৰু ইয়াক আদালত অৱমাননা বুলি গণ্য কৰা নাই, সেয়েহে এখন ৰিট আৱেদনৰ জৰিয়তে ব’ৰ্ডৰ সিদ্ধান্তক সলনি কৰিব নোৱাৰি। লগতে ছবিখনত কোনো প্ৰকৃত আদালতক অৱমাননা কৰা হোৱা নাই বৰঞ্চ এক কাল্পনিক আদালতৰ ন্যায়াধীশ আৰু অধিবক্তাকহে দুৰ্নীতিগ্ৰস্ত হিচাপে উপস্থাপন কৰা হৈছে বুলি বিচাৰপীঠে স্পষ্ট কৰে।

মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ এই মন্তব্য এনে এক সময়ত আহিছে যেতিয়া ন্যায়িক দুৰ্নীতিক লৈ উচ্চতম ন্যায়ালয়তো এক গুৰুত্বপূৰ্ণ আলোচনা অব্যাহত আছে। যোৱা ২২ মে’ত উচ্চতম ন্যায়ালয়ে এনচিইআৰটি (NCERT)ৰ অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ এখন বাতিলকৃত পাঠ্যপুথিত ‘ন্যায়পালিকাৰ দুৰ্নীতি’ সন্দৰ্ভত এক অধ্যায় সন্নিৱিষ্ট কৰাৰ বাবে তিনিগৰাকী শিক্ষাবিদৰ বিৰুদ্ধে পূৰ্বে গ্ৰহণ কৰা কঠোৰ স্থিতি প্ৰত্যাহাৰ কৰে। যোৱা ১১ মাৰ্চত সৰ্বোচ্চ ন্যায়ালয়ে স্বতঃপ্ৰবৃত্তভাৱে গ্ৰহণ কৰা গোচৰৰ ভিত্তিত মাইকেল ডানিনো, সুপৰ্ণা দিৱাকৰ আৰু অলোক প্ৰসন্ন কুমাৰ নামৰ এই তিনিগৰাকী শিক্ষাবিদক চৰকাৰী প্ৰকল্পৰ পৰা নিলম্বন কৰিছিল। কিন্তু শেহতীয়াকৈ তেওঁলোকৰ কোনো অসৎ উদ্দেশ্য নাছিল বুলি সন্তুষ্টি প্ৰকাশ কৰি সৰ্বোচ্চ ন্যায়ালয়ে সেই পূৰ্বৰ নিৰ্দেশনা বাতিল কৰে।

বৰ্তমান ‘কৰুপ্পু’ ছবিখনে বিনা বাধাই চিত্ৰগৃহ আৰু ষ্ট্ৰীমিং প্লেটফৰ্মসমূহত প্ৰদৰ্শিত হৈ আছে আৰু উচ্চ ন্যায়ালয়ৰ এই ঐতিহাসিক ৰায়দানে শিল্পকলাৰ স্বাধীনতা তথা ভাৰতীয় ন্যায়িক ব্যৱস্থাৰ স্বচ্ছতাক লৈ দেশজুৰি এক নতুন আৰু ইতিবাচক বিতৰ্কৰ সূচনা কৰিছে।

Related News