NORTHEAST NOW (Assamese)

আম্বেদকাৰ নহয়, কেৱল মহাত্মা গান্ধী আৰু তিৰুৱল্লুৱৰৰ ফটো থাকিব আদালতত: মাদ্ৰাজ উচ্চ ন্যায়ালয়

July 23, 2023 4:10 pm · এন ই নাও নিউজ, গুৱাহাটী

মাদ্ৰাজ উচ্চ ন্যায়ালয়ে ড০ ভীমৰাও আম্বেদকাৰৰ ফটো আদালতত ৰখাৰ বাবে জনোৱা আবেদন নাকচ কৰিছে। আদালতে কয় যে আদালতত কেৱল মহাত্মা গান্ধী আৰু সন্ত থিৰুৱল্লুৰৰ ছবিহে থাকিব৷

মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ পূৰ্ণাংগ আদালতে তামিলনাডুৰ আদালত আৰু আদালত চৌহদত মহাত্মা গান্ধী আৰু সন্ত তিৰুৱল্লুৱৰৰ বাহিৰে আন কোনো ব্যক্তিৰ ফটো, প্ৰতিমূৰ্তি বা ছবি স্থাপন নকৰাৰ ৰায় পুনৰবাৰ দোহাৰিছে। ইয়াৰ পূৰ্বে ১১ এপ্ৰিলত আদালতে এই ৰায় দিছিল।

লগতে পঢ়ক: কোন এই স্বাতী? এতিয়া বহু কোটি টকাৰ কোম্পানীৰ মালিক; ৰতন টাটাও অনুৰাগী এই যুৱতীৰ

ইয়াৰ সমান্তৰালকৈ ৰাজ্যৰ আদালতত ড০ বি আৰ আম্বেদকাৰৰ ফটো স্থাপনৰ বাবে বিভিন্ন অধিবক্তা সন্থাৰ অনুৰোধো উচ্চ ন্যায়ালয়ে নাকচ কৰে।

ইপিনে, একে সময়তে সাধাৰণ জনতাৰ সৈতে জড়িত এক সিদ্ধান্তত উচ্চতম ন্যায়ালয়ে ২০০৮ চনৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্তক দোষমুক্ত কৰাৰ সময়তে কয় যে প্ৰত্যক্ষদৰ্শীৰ অনুপস্থিতিত বিচাৰ বিভাগে অপৰাধৰ উদ্দেশ্য প্ৰমাণ কৰাটো প্ৰয়োজনীয়। ন্যায়াধীশ বিক্ৰম নাথ আৰু আহছানুদ্দিন আমানুল্লাহৰ বিচাৰপীঠে উল্লেখ কৰে যে গোচৰৰ সকলো সাক্ষীয়ে আবেদনকাৰী আৰু মৃতকৰ মাজত কোনো শত্ৰুতা নাছিল বুলি উল্লেখ কৰিছে।

আনহাতে, ভাৰতীয় দণ্ডবিধিৰ ৪৯৮-এ (বিবাহিত মহিলাৰ ওপৰত নিষ্ঠুৰতা) ধাৰাত দ্বিতীয় পত্নীয়ে স্বামীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিব নোৱাৰে বুলি কৰ্ণাটক উচ্চ ন্যায়ালয়ে ৰায় দিয়ে। শেহতীয়াকৈ ৪৯৮-এ ধাৰাত এজন ব্যক্তিক দিয়া শাস্তি বাতিল কৰাৰ সময়ত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এছ. ৰছৈয়াই এই মন্তব্য কৰিছে। শাস্তি এই কাৰণে বাতিল কৰা হৈছে কিয়নো আনগৰাকী পত্নীৰ অভিযোগত গোচৰ চলোৱা হৈছিল আৰু তেওঁক দোষী সাব্যস্ত কৰি শাস্তি বিহা হৈছিল।

লগতে পঢ়ক: অশনি সংকেত! উৰুগুৱেৰ উপকূলত ২০০০ পেংগুইনৰ মৃতদেহ উদ্ধাৰ; উদ্বিগ্ন জীৱবিজ্ঞানী

আদালতে কয়, দ্বিতীয় পত্নীয়ে স্বামী আৰু তেওঁৰ শহুৰেকৰ বিৰুদ্ধে দাখিল কৰা গোচৰ শুনানিৰ বাবে গ্হৰণযোগ্য নহয়। ইয়াৰ লগতে উচ্চ ন্যায়ালয়ে নিম্ন ন্যায়ালয়ৰ নিৰ্দেশ বাতিল কৰে।

Related News