• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কোন এই স্বাতী? এতিয়া বহু কোটি টকাৰ কোম্পানীৰ মালিক; ৰতন টাটাও অনুৰাগী এই যুৱতীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 23, 2023 3:03 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্তমান স্বাতী ভাৰ্গৱ দেশৰ অন্যতম সফল মহিলা উদ্যোগী। স্বাতী তেওঁৰ বিৰাট কৰ্পৰেট কেৰিয়াৰৰ পিছত তেওঁ আৰু স্বামী ৰোহনে ভাৰতৰ সৰ্ববৃহৎ কেছবেক পৰ্টেল Cashkaro মুকলি কৰে। ২০১৬ চনত ৰতন টাটাই এই কোম্পানীত ধন বিনিয়োগ কৰিছিল। কোম্পানীটোৰ মুঠ ব্যৱসায়িক মূল্য (GMV) ইতিমধ্যে যোৱা বছৰ ৪ হাজাৰ কোটি টকা অতিক্ৰম কৰিছে।

গ্ৰছ মাৰ্চেণ্ডাইজ ভেলু বা GMV হৈছে এটা নিৰ্দিষ্ট সময়ছোৱাত ই-কমাৰ্চ প্লেটফৰ্মৰ জৰিয়তে বিক্ৰী হোৱা সামগ্ৰীৰ মুঠ মূল্য। মূলতঃ Cashkaro-ৱে ই-কমাৰ্চ পৰ্টেলৰ গ্ৰাহকসকলক তেওঁলোকৰ বেংক একাউণ্টত কেছবেকৰ সুবিধা প্ৰদান কৰে। ইয়াৰ উপৰিও তেওঁলোকে উপহাৰ ভাউচাৰৰ সুবিধাও প্ৰদান কৰে। যোৱা বছৰ কোম্পানীটোৰ ৰাজহ সংগ্ৰহ আছিল ২২৫ কোটি টকা।

স্বাতী ভাৰ্গৱ আম্বালাৰ বাসিন্দা। দশম শ্ৰেণীত হাৰিয়ানাৰ টপাৰ হয়। একাদশ আৰু দ্বাদশ মান পঢ়া-শুনা সম্পূৰ্ণ কৰিবলৈ তেওঁ বৃত্তি লৈ ছিংগাপুৰলৈ যায়। দশম শ্ৰেণীৰ পৰীক্ষাত স্বাতীয়ে গণিতত ১০০ নম্বৰ পাইছিল। পিছলৈ লণ্ডন স্কুল অৱ ইকনমিক্সৰ পৰা অৰ্থনীতি আৰু গণিত বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।

Apply Now
ৰতন টাটাৰ সৈতে স্বাতী আৰু তেওঁৰ স্বামী ৰোহন।

স্বাতীয়ে ২০০৫ চনৰ পৰা ২০১০ চনৰ ভিতৰত গোল্ডমেন চ্যেক্সত কাম কৰিছিল। তাৰ পিছত তেওঁ নিজাকৈ ব্যৱসায় আৰম্ভ কৰাৰ সিদ্ধান্ত লয়। ২০০৯ চনত ৰোহন নামৰ ইনভেষ্টমেণ্ট বেংকাৰজনৰ সৈতে বিবাহপাশত আবদ্ধ হয়। এই ক্ষেত্ৰত তেওঁলোকে হানিমুনৰ পৰিকল্পনা কৰাৰ সময়ত কেছবেক ৱেবছাইটৰ জৰিয়তে ব্ৰিটেইনলৈ বিমান বুকিং কৰি আছিল। তাত তেওঁলোকে বহুত টকা ৰাহি কৰে। তাৰ পৰাই তেওঁ নিজৰ ষ্টাৰ্টআপৰ ধাৰণাটো পাইছিল। স্বাতীয়ে ব্ৰিটেইনত Pouring Pounds নামৰ কেছবেক ৱেবছাইট এটা তৈয়াৰ কৰে।

তেওঁ ২০১৩ চনত ভাৰতত ১৭ জন কৰ্মচাৰী আৰু ইন্টাৰ্ণৰ সৈতে একেধৰণৰ কোম্পানী এটা আৰম্ভ কৰে। যাৰ নাম ৰখা হয় Cashkaro। ২০১৪ চনত স্বাতীয়ে ধন সংগ্ৰহৰ আশাত লণ্ডন স্কুল অৱ ইকনমিক্সৰ ছিনিয়ৰ আৰু বন্ধু-বান্ধৱীৰ কাষ চাপিছিল। ৪৮ ঘণ্টাৰ ভিতৰতে তেওঁলোকে নিজৰ উদ্দেশ্যৰ দুগুণ ধন লাভ কৰে। কেৱল সেয়াই নহয়, ২০১৫ চনত তেওঁলোকে কালাৰী কেপিটেলৰ পৰা ২৫ কোটি টকা সংগ্ৰহ কৰিছিল।

স্বাতী আৰু ৰোহনৰ সাংঘাতিক বুজাবুজি আৰু কঠোৰ পৰিশ্ৰমৰ বাবে দেশত Cashkaro-ৱে জনপ্ৰিয়তা লাভ কৰিবলৈ আৰম্ভ কৰে। ইফালে ২০১৬ চনত ৰতন টাটাইও এই কোম্পানীত বিনিয়োগ কৰিছিল। মুম্বাইৰ তাজ হোটেলত তেওঁলোকে টাটাক লগ পাইছিল। য’ত টাটাই কৈছিল, “যিখন দেশত সকলোৱে টকা সঞ্চয় কৰি ভাল পায়, সেইখন দেশত আপুনি বিনামূলীয়াকৈ টকা দি আছে।”

স্বাতী আৰু তেওঁৰ স্বামী ৰোহন।

Cashkaro ৰ এটা সহজ ব্যৱসায়িক মডেল আছে। তেওঁলোকে খুচুৰা অংশীদাৰৰ পৰা ৫ৰ পৰা ১০ শতাংশ কমিচন পায়। এই ক্ষেত্ৰত তেওঁলোকে এই সুবিধা তেওঁলোকৰ গ্ৰাহকলৈ প্ৰেৰণ কৰে। ইয়াৰ দ্বাৰা দুয়োপক্ষই লাভৱান হয়।

এই সন্দৰ্ভত স্বাতী ভাৰ্গৱে নিজৰ লিংকডইন প্ৰফাইলত লিখিছে, “CashKaro ৰ ১৮ মিলিয়নতকৈ অধিক ডাউনলোড হৈছে। ই একমাত্ৰ ভিচি সমৰ্থিত কেছবেক চাইট যিয়ে কালাৰি কেপিটেলৰ নেতৃত্বত ছিৰিজ এ ফাণ্ডিং আৰু কোৰিয়া ইনভেষ্টমেণ্ট পাৰ্টনাৰ্ছৰ নেতৃত্বত ছিৰিজ বি ফাণ্ডিঙৰ জৰিয়তে ১৫ মিলিয়ন ডলাৰ সংগ্ৰহ কৰিছে। ইয়াৰ বাৰ্ষিক বিক্ৰী ৫০ কোটি ডলাৰ অতিক্ৰম কৰে। টাটা ছঞ্চৰ প্ৰাক্তন অধ্যক্ষ ৰতন টাটাৰ পৰাও আমি বিনিয়োগ পাইছো।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাষ্ট্ৰৰ উদ্দেশ্যি দিয়া ভাষণত ‘আত্মনিৰ্ভৰ ভাৰত’ৰ বাৰ্তা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ, আৰু কি কি ক’লে?

ৰাষ্ট্ৰৰ উদ্দেশ্যি দিয়া ভাষণত ‘আত্মনিৰ্ভৰ ভাৰত’ৰ বাৰ্তা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ, আৰু কি কি ক’লে?

August 15, 2026 7:58 am
সহবাসৰ পিছত কিয় হয় ইউটিআই? কি ভুলৰ বাবে হয় মূত্ৰনলীৰ সংক্ৰমণ?

সহবাসৰ পিছত কিয় হয় ইউটিআই? কি ভুলৰ বাবে হয় মূত্ৰনলীৰ সংক্ৰমণ?

August 15, 2026 7:50 am
স্বাধীনতাৰ ৮০ বছৰ : অথচ দেশত এতিয়াও শেষ হোৱা নাই শোষণ, বৈষম্য, জাত-পাতৰ ৰাজনীতি

স্বাধীনতাৰ ৮০ বছৰ : অথচ দেশত এতিয়াও শেষ হোৱা নাই শোষণ, বৈষম্য, জাত-পাতৰ ৰাজনীতি

August 15, 2026 6:45 am
অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাষ্ট্ৰৰ উদ্দেশ্যি দিয়া ভাষণত ‘আত্মনিৰ্ভৰ ভাৰত’ৰ বাৰ্তা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ, আৰু কি কি ক’লে?

ৰাষ্ট্ৰৰ উদ্দেশ্যি দিয়া ভাষণত ‘আত্মনিৰ্ভৰ ভাৰত’ৰ বাৰ্তা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ, আৰু কি কি ক’লে?

August 15, 2026 7:58 am
সহবাসৰ পিছত কিয় হয় ইউটিআই? কি ভুলৰ বাবে হয় মূত্ৰনলীৰ সংক্ৰমণ?

সহবাসৰ পিছত কিয় হয় ইউটিআই? কি ভুলৰ বাবে হয় মূত্ৰনলীৰ সংক্ৰমণ?

August 15, 2026 7:50 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd