NORTHEAST NOW (Assamese)

১ কোটি টকাৰ ক্ষতিপূৰণৰ দাবী; মাদ্ৰাজ উচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে তামান্না ভাটিয়াৰ আবেদন?

April 16, 2026 8:40 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 21, 2026 11:12 am

দীৰ্ঘদিনীয়া আইনী যুঁজৰ অন্তত এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে অভিনেত্ৰী তামান্না ভাটিয়াই। মাদ্ৰাজ উচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে তেওঁৰ ক্ষতিপূৰণৰ আবেদন।

বৃহস্পতিবাৰে (১৬ এপ্ৰিল) আদালতৰ ন্যায়াধীশ পি ভেলমুৰুগান আৰু ন্যায়াধীশ কে গোবিন্দৰাজন থিলাকাবাদীৰ বিভাগীয় বিচাৰপীঠে পূৰ্বৰ ন্যায়াধীশৰ ৰায়ক সমৰ্থন কৰে। ফলত তামান্নাই ‘পাৱাৰ ছ’পছ লিমিটেড’ৰ বিৰুদ্ধে তৰা ১ কোটি টকাৰ ক্ষতিপূৰণৰ গোচৰত খালী হাতেৰে উভতি আহিবলগীয়া হয়।

কেইবাবছৰ পূৰ্বেই সূত্ৰপাত হৈছিল এই ঘটনাৰ। তামান্নাই দাবী কৰে যে ২০০৮ চনৰ ৭ অক্টোবৰত তেওঁ পাৱাৰ ছ’পছ লিমিটেডৰ সৈতে চুক্তিবদ্ধ হৈছিল, যিটো ২০০৯ চনৰ ৬ অক্টোবৰলৈকে ম্যাদ আছিল। সেই সময়লৈকে তেওঁ কোম্পানীটোৰ সামগ্ৰীৰ প্ৰচাৰৰ দায়িত্বত আছিল।

কিন্তু চুক্তিৰ ম্যাদ উকলি যোৱাৰ পিছতো তেওঁৰ ইমেজ ব্যৱহাৰ কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰে। বিশেষকৈ ২০১০ চনৰ শেষৰ ফালে আন এটা কোম্পানীত কামৰ আলোচনাৰ সময়ত তেওঁ গম পাইছিল যে পাৱাৰ ছ’পছে এতিয়াও তেওঁলোকৰ সামগ্ৰীৰ পেকেজিঙত তেওঁৰ ছবি ব্যৱহাৰ কৰি আছে। অভিযোগ অনুসৰি ২০১০ চনৰ নৱেম্বৰৰ পৰা ২০১১ চনৰ ফেব্ৰুৱাৰীলৈকে নিৰ্মিত চাবোনৰ পেকেটবোৰতো তেওঁৰ ছবি আছিল।

এই ঘটনাত ক্ষুব্ধ হৈ তামান্নাই ২০১১ চনৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত মূল কোম্পানীটো আৰু তেওঁলোকৰ বিজ্ঞাপন বিভাগ (জে এণ্ড ডি কমিউনিকেচন প্ৰাইভেট লিমিটেড)লৈ আইনী জাননী প্ৰেৰণ কৰে।কিন্তু সন্তোষজনক সঁহাৰি নাপাই আদালতৰ কাষ চাপি ১ কোটি টকা ক্ষতিপূৰণৰ দাবী জনায়।

কিন্তু অৱশেষত আদালতে তেওঁৰ আবেদন খাৰিজ কৰে। এজনীয়া ন্যায়াধীশৰ ৰায়ক সমৰ্থন কৰি সংমণ্ডল বিচাৰপীঠে কয় যে গোচৰটোত হস্তক্ষেপ কৰাৰ কোনো প্ৰয়োজন নাই।

এই ৰায়দানে পুনৰবাৰ আলোচনাৰ মাজলৈ আনিলে চেলিব্ৰিটিৰ ‘ইমেজ ৰাইটছ’ বা ব্যক্তিগত পৰিচয়ৰ ব্যৱহাৰৰ আইনী জটিলতা—যিটোৰ বিষয়ে ইতিমধ্যে মনোৰঞ্জন জগতত সজাগতা বৃদ্ধি পাইছে। যদিও এই গোচৰত আদালতৰ ৰায় তামান্নাৰ বিৰুদ্ধে গৈছে।

Related News