NORTHEAST NOW (Assamese)
অসম

শক্তিশালী ভূমিকম্পই জোকাৰিলে ফিলিপাইনছক, চাৰি জনৰ মৃত্যু

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী July 27, 2022 7:05 pm

পুনৰ শক্তিশালী ভূমিকম্পই জোকাৰি গ’ল ফিলিপাইনছক। মাৰ্কিন ভূকম্প জৰীপ বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি ভূমিকম্পটোৰ প্ৰাবল্য আছিল ৰিখটাৰ স্কেলত ৭.৩ । ভূমিকম্পত চাৰি জন লোক নিহত হোৱাৰ খবৰ পোৱা গৈছে।

বুধবাৰে উত্তৰ ফিলিপাইনৰ লুজন দ্বীপত শক্তিশালী প্ৰাবল্যৰ ভূমিকম্পত আন বহুলোক আহত হৈছে।

ৰাজধানী মানিলাৰ চিকিৎসালয়লৈ আহত লোকসকলক স্থানান্তৰ কৰা হৈছে। নিহৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

দেশ খনত আজি হোৱা ভূমিকম্পত অতিকমেও চাৰিগৰাকী লোকে প্ৰাণ হেৰুওৱাৰ লগতে ১২০ গৰাকীতকৈ অধিক লোক আঘাতপ্ৰাপ্ত হ’বলগীয়া হয়।

লুজন দ্বীপৰ লগতে অন্যান্য কিছু প্ৰান্তত ভূমিকম্পৰ জোকাৰণিৰ ফলত ঘৰ আৰু সা-সম্পত্তি ক্ষতিগ্ৰস্ত হয়।

ৰিখটাৰ স্কেলত ৭.৩ প্ৰাবল্যৰ ভূমিকম্পটোৱে ফিলিপাইনছৰ জনসাধাৰণৰ মাজত আতংকৰ সৃষ্টি কৰে।

ফিলিপাইনছৰ চৰকাৰে উদ্ধাৰ অভিযানত দেশৰ সেনাবাহিনীক নিয়োগ কৰিছে আৰু বৰ্তমানো পূৰ্ণ গতিত এই উদ্ধাৰ অভিযান চলি আছে বুলি জানিব পৰা গৈছে।