NORTHEAST NOW (Assamese)
অসম

চৰকাৰী চাকৰিয়ালে কৰ্মক্ষেত্ৰত পিন্ধিব নোৱাৰিব জীনছ, টি-শ্বাৰ্ট আৰু শ্লিপাৰ; কোনে দিলে নিৰ্দেশনা?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 12, 2020 11:49 am
1112202018529514

চৰকাৰী কৰ্মচাৰীৰ বাবে পোছাক-পৰিচ্ছদত সংস্কাৰ আনিছে এইখন চৰকাৰে। এতিয়াৰে পৰা চৰকাৰী কৰ্মচাৰীয়ে কৰ্মক্ষেত্ৰত জীনছ, টি-শ্বাৰ্ট নাইবা শ্লিপাৰ পিন্ধি যাব নোৱাৰিব।

এন এক কঠোৰ নিৰ্দেশ জাৰি কৰিছে মহাৰাষ্ট্ৰ চৰকাৰে। লগতে চৰকাৰে সপ্তাহত এদিন খাদী পোছাক পৰিধান কৰাৰো পৰামৰ্শ দিয়া হৈছে।

ইমান দিনে চৰকাৰী কাৰ্যালয়ত নিৰ্দ্ধাৰিত পোছাক পৰিধান কৰি অহাৰ তেনে কোনো নিয়ম নাছিল। কিন্তু এইবাৰ উদ্ধৱ থাকৰে চৰকাৰে নতুন সিদ্ধান্ত গ্ৰহণ কৰিলে।

যোৱা ৮ ডিচেম্বৰত চৰকাৰখনৰ প্ৰশাসনৰ ফালৰ পৰা দিয়া এক বিজ্ঞপ্তিত কোৱা হৈছে যে চুক্তিভিত্তিক কৰ্মচাৰী তথা চৰকাৰী কামৰ বাবে নিযুক্তি দিয়া পৰামৰ্শদাতাসকলে বহুসময়ত কৰ্মক্ষেত্ৰলৈ এনে পোছাক পৰিধান কৰি আহে যিটো অত্যন্ত দৃষ্টিকটু হিচাপে ধৰা দিয়ে।

চৰকাৰী কৰ্মচাৰীসকলক এনে পোছাকত শোভা নাপায়। সৰ্বসাধাৰণৰ মনত ইয়াৰ দ্বাৰা বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। সেয়েহে, কৰ্মক্ষেত্ৰত জীনছ, টি-শ্বাৰ্ট পৰিধান কৰি অহাত কঠোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে।

নতুন নিৰ্দেশনা অনুসৰি এতিয়াৰে পৰা মহিলা চৰকাৰী কৰ্মচাৰীসকলৰ শাৰী, ছেলোৱাৰ, চুৰিদাৰ-কুৰ্তা, অথবা ট্ৰাউজাৰৰ সৈতে কুৰ্তা বা ষ্বাৰ্ট পৰিধান কৰিব পাৰিব। ইয়াৰ লগত তেওঁলোকে প্ৰয়োজনবোধে উড়না ব্যৱহাৰ কৰিব পাৰিব।

সেইদৰে বেছি ৰঙীণ পোছাক বা জকমকীয়া ছবি থকা পোছাকো পৰিধান কৰিব নোৱাৰিব। কৰ্মক্ষেত্ৰত শ্লিপাৰ পিন্ধি অহাটোও নিষিদ্ধ কৰা হৈছে।

মহিলাসকলে ছেণ্ডেল বা জোতা পিন্ধিহে কৰ্মক্ষেত্ৰলৈ আহিব পাৰিব। সেইদৰে পুৰুষ কৰ্মচাৰীসকলকো জোতা বা ছেণ্ডেল পৰিধান কৰাৰ অনুমতি দিয়া হৈছে।

আনহাতে, দেশীয় বস্ত্ৰ খাদীৰ প্ৰচাৰৰ বাবে সপ্তাহৰ প্ৰতি শুকুৰবাৰে খাদী পোছাক পৰিধান কৰি অহাৰ নিৰ্দেশ দিয়া হৈছে। সকলোকে মাৰ্জিত পোছাক পৰিধান কৰি আহিবলৈ নিৰ্দেশনা দিয়া হৈছে।