NORTHEAST NOW (Assamese)

অভিযন্তাৰ গাত ঢালিছিল বোকা, বিজেপিৰ মন্ত্ৰীক এমাহৰ কাৰাদণ্ড আদালতৰ; কেতিয়া যাব কাৰাগাৰলৈ?

April 28, 2026 7:50 am · এন ই নাও নিউজ, মুম্বাই
Updated: May 21, 2026 10:45 am

মহাৰাষ্ট্ৰৰ বন্দৰ আৰু মীন মন্ত্ৰী নীতিশ ৰাণেক এমাহৰ কাৰাদণ্ড বিহা হৈছে। ২০১৯ চনত ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষৰ অভিযন্তাৰ গাত বোকা ঢালি দিয়াৰ অভিযোগ উত্থাপন হৈছিল।সেই গোচৰত সোমবাৰে সিন্ধুদুৰ্গৰ আদালতে নীতিশক এমাহৰ কাৰাদণ্ড আৰু এক লাখ টকাৰ জৰিমনা বিহিছে।

যোৱা ২০১৯ৰ ৪ জুলাইত এই ঘটনাৰ সূত্ৰপাত।কংকাভেলীৰ বিধায়ক নীতেশ ৰাণে অনুগামী আৰু সমৰ্থকসকলৰ সৈতে এখন দলং মেৰমতিৰ কাম পৰিদৰ্শন কৰিবলৈ গৈছিল। কিন্তু দলং আৰু ৰাস্তাত গাঁত দেখা পাই তেওঁ মেজাজ হেৰুৱাই পেলালে। অভিযন্তাৰ সৈতে তৰ্কত লিপ্ত হয়। এটা সময়ত নীতিশে হঠাৎ বোকা ভৰ্তি বাল্টি এটা অভিযন্তাজনৰ ওপৰত ঢালি দিয়ে।

এনে ঘটনাক লৈ বিৰাট হুলস্থুলৰ সৃষ্টি হৈছিল। পিছত তেওঁ থানাত গৈ আত্মসমৰ্পণ কৰে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নীতিশক। গোচৰ ৰুজু কৰা হৈছিল।

বোকা পানী নিক্ষেপ কৰা ঘটনাৰ সৈতে জড়িত মুঠ ৩০জন লোকৰ বিৰুদ্ধে সিন্ধুদুৰ্গ আদালতত গোচৰ ৰুজু কৰা হয়। তেওঁলোকৰ বিৰুদ্ধে মাৰধৰ, চৰকাৰী কৰ্মীক বাধা দিয়া, অপৰাধমূলক ষড়যন্ত্ৰকে ধৰি একাধিক অভিযোগ উত্থাপন কৰা হয়। কিন্তু পৰ্যাপ্ত প্ৰমাণৰ অভাৱত ৰানে আৰু অন্যান্যসকলক অধিকাংশ অভিযোগৰ পৰা মুক্ত কৰা হয়। কিন্তু এজন চৰকাৰী কৰ্মচাৰীক অপমান কৰি কৰ্তব্য পালনত বাধা দিয়াৰ অভিযোগত ভাৰতীয় দণ্ডবিধিৰ ৫০৪ ধাৰাত ৰানে দোষী সাব্যস্ত হয়।

ৰায়দান ঘোষণা কৰাৰ সময়ত অতিৰিক্ত সত্ৰ ন্যায়াধীশ ভি এছ দেশমুখে কয় যে, “নীতিশ ৰাণে জনসাধাৰণৰ উদ্বেগ প্ৰকাশ কৰিব বিচাৰিছিল। কিন্তু তেওঁ ৰাজহুৱাভাৱে এজন চৰকাৰী কৰ্মচাৰীক এইদৰে অপমান কৰা উচিত নাছিল।”

আদালতে এই কাণ্ডক “ক্ষমতাৰ অপব্যৱহাৰ” বুলি অভিহিত কৰে। দেশমুখৰ ভাষাত “যদি এনে ঘটনাৰ সৈতে মোকাবিলা কৰিব নোৱাৰিলে চৰকাৰী চাকৰিয়ালসকলে নিজৰ কৰ্তব্য মৰ্যাদাৰে পালন কৰিব নোৱাৰিব।” ইয়াৰ পিছত আদালতে নীতিশক এমাহৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।

অৱশ্যে নীতিশ এতিয়া জেললৈ যাব নালাগে। ৰায় ঘোষণাৰ লগে লগে আদালতে তেওঁৰ শাস্তি স্থগিত ৰাখি উচ্চ ন্যায়ালয়ত আবেদন কৰিবলৈ অনুমতি দিয়ে। এই গোচৰৰ বাকী ২৯জন অভিযুক্তকো দোষমুক্ত কৰা হয়।

Related News