NORTHEAST NOW (Assamese)
অসম

কৰ’নাৰ সংহাৰ: মহাৰাষ্ট্ৰত এদিনতে ওলাল ২৩৪৭জন কোভিড-১৯পজিটিভ ৰোগী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 18, 2020 7:47 am
560639-mumbai new

মহাৰাষ্ট্ৰত বিগত ২৪ ঘন্টাত কৰ’না আক্ৰান্তৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। দেওবাৰে ৰাজ্যখনত ২৩৪৭টা নতুন সংক্ৰমণৰ ঘটনা পোৱা গৈছে।

সেইদৰে ৰাজ্যখনত মুঠ আক্ৰান্ত ৰোগীৰ সংখ্যা ৩৩,০৫৩জনলৈ বৃদ্ধি পাইছে।

গোটেই ৰাজ্যখনতে দিনটোত দুহেজাৰতকৈ অধিক আক্ৰান্ত হোৱাৰ বিপৰীতে অকল মুম্বাইতে প্ৰায় ১৬০০ জন লোক আক্ৰান্ত হৈছে।

ৰাজ্য চৰকাৰে প্ৰকাশ কৰা বিবৃতি অনুসৰি দেওবাৰৰ দিনটোত কৰ’না আক্ৰান্ত ৰোগীৰ মৃত্যুৰ ক্ষেত্ৰতো অভিলেখ সংখ্যক বৃদ্ধি ঘটিছে।

ৰাজ্য চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, মহাৰাষ্ট্ৰত বিগত ২৪ ঘন্টাত কৰ’না ভাইৰাছৰ দ্বাৰা ২,৩৪৭জন লোক আক্ৰান্ত হৈছে।

আনহাতে, বিগত ২৪ ঘন্টাত কৰ’না আক্ৰান্ত ৬৩জন লোকৰ মৃত্যু ঘটিছে।

ৰাজ্যখনত বৰ্তমানলৈকে কৰ’না আক্ৰান্ত হৈ ১১৯৮জন লোকৰ মৃত্যু হৈছে।

মহাৰাষ্ট্ৰত মুঠ আক্ৰান্তৰ সংখ্যা ৩৩,০৫৩জনলৈ বৃদ্ধি পাইছে যাৰ ভিতৰত ২০,১৫০ জন আক্ৰান্ত হৈছে অকল মুম্বাইত।

মুম্বাইত যোৱা ২৪ ঘন্টাত ১৫৯৫জন লোক কৰ’নাত আক্ৰান্ত হৈছে।

অকল মুম্বাইতে এই মাৰাত্মক ভাইৰাছৰ ফলত এতিয়ালৈকে ৭৩৪জন লোকৰ মৃত্যু হৈছে। যোৱা ২৪ ঘন্টাত মুম্বাইত ৩৮জন লোকৰ মৃত্যু হৈছে।

ৰাজ্যখনত এতিয়ালৈকে ৭,৬৮৮জন কৰ’না আক্ৰান্ত ৰোগী সুস্থ হৈ উঠিছে।