NORTHEAST NOW (Assamese)

মহাৰাষ্ট্ৰৰ শাক-পাচলি বিক্ৰেতাৰ আনন্দৰ চকুলো! পুত্ৰই CA পৰীক্ষা উত্তীৰ্ণ হোৱাৰ পাছতে মাতৃৰ দুচকুৰে নিগৰিল লোটক

July 16, 2024 6:50 pm · এন ই নাও নিউজ, গুৱাহাটী

মহাৰাষ্ট্ৰৰ পূব ডম্বিভলী শাক-পাচলি বিক্ৰেতা নীৰা থম্বৰেৰ বাবে এটা ডাঙৰ দিন!কিয়নো তেওঁৰ পুত্ৰই চাৰ্টাৰ্ড একাউণ্টেণ্ট (চি এ) পৰীক্ষাত উত্তীৰ্ণ হৈছে। মহাৰাষ্ট্ৰৰ লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী ৰবীন্দ্ৰ চাৱনে শ্বেয়াৰ কৰাৰ ভিডিঅ’ত পুত্ৰ যোগেশক সাৱটি ধৰি মহিলাগৰাকীয়ে আনন্দৰ চকুলোৰে থকা এক আৱেগিক ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

যোগেশে যাতে শেষত নিজৰ শৈক্ষিক দিশত আপোচ নকৰে তাৰ বাবে নীৰা থম্বৰে বহুত কষ্ট কৰিছিল। এই সকলোবোৰ কষ্ট সাকাৰ কৰি যোগেশে দৃঢ়তা আৰু কঠোৰ পৰিশ্ৰমেৰে নিজৰ মেধা প্ৰমাণ কৰি পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈছিল।

যোগেশে নিজৰ ৰিজাল্টৰ কথা জানিব পাৰি পোনে পোনে মাকৰ শাক-পাচলিৰ বিপনীলৈ গৈ নিজৰ কৃতিত্বৰ কথা ক’লে। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এই আৱেগিক মুহূৰ্তত যোগেশক আলিংগনেৰে সম্ভাষণ জনাই মাতৃ আনন্দত আত্মহাৰা হৈ পৰিল।

যোগেশে মাকৰ সৈতে ডম্বিভলীৰ ওচৰৰ এখন গাঁও খোনিত বাস কৰে। বিগত ২৫ বছৰৰ পৰা ডম্বিভলীৰ গান্ধীনগৰ অঞ্চলত শাক-পাচলি বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰি আহিছে নীৰা থম্বৰে।

যোগেশৰ চাৰ্টাৰ্ড একাউণ্টেণ্ট হোৱাৰ কৃতিত্ব কেৱল ব্যক্তিগত জয় নহয় বৰঞ্চ মাতৃৰ অদম্য সমৰ্থন আৰু নিষ্ঠাৰ প্ৰতি অনন্য উপহাৰ। এই মাইলৰ খুঁটিত উপনীত হোৱাৰ লগে লগে মাতৃক উপহাৰ হিচাপে শাড়ী উপহাৰ দি যোগেশে বছৰ বছৰ ধৰি কৰা কঠোৰ পৰিশ্ৰমক যৎকিঞ্চিৎ হ’লেও কৃতজ্ঞতা প্ৰকাশ কৰে৷

Related News