NORTHEAST NOW (Assamese)

সামান্য এটা হোৱাটছএপ ষ্টেটাছে প্ৰাণ ল’লে মহিলাৰ

February 14, 2022 8:02 pm · এন ই নাও নিউজ, গুৱাহাটী

সামান্য এটা হোৱাটছএপ ষ্টেটাছ! এই সাধাৰণ ষ্টেটাচ এটাই প্ৰাণ ল’লে এগৰাকী মহিলাৰ। মহাৰাষ্ট্ৰৰ পালঘৰ জিলাত সংঘটিত হৈছে এই ঘটনা।

এগৰাকী কিশোৰীয়ে হোৱাটছএপত দিয়া এটা ষ্টেটাচক কেন্দ্ৰ কৰি দুটা পৰিয়ালৰ মাজত কাজিয়া সংঘটিত হয় আৰু কাজিয়াত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ মহিলাগৰাকীয়ে মৃত্যুবৰণ কৰে।

অভিযোগ অনুসৰি ১০ ফেব্ৰুৱাৰীত মৃত মহিলাগৰাকীৰ কন্যাই দিয়া হোৱাটছএপৰ ষ্টেটাচক লৈ কাজিয়া সংঘটিত হৈছিল।

প্ৰীতি প্ৰসাদ নামৰ কিশোৰী গৰাকীয়ে দিয়া হোৱাটছএপ ষ্টেটাছটোৱে একেটা চুবুৰীয়াত বাস কৰা তেওঁৰ ১৭ বছৰীয়া বান্ধৱীগৰাকীক ক্ষুব্ধ কৰিছিল।

ক্ষুব্ধ কিশোৰীগৰাকীয়ে এই সংক্ৰান্তত আপত্তি দিবৰ বাবে মাতৃ আৰু ভাতৃৰ সৈতে প্ৰীতিৰ ঘৰলৈ যায়। পৰিস্থিতিয়ে ক্ৰমে কাজিয়াৰ ৰূপ লয়।

কাজিয়াৰ মাজতে প্ৰীতিৰ মাতৃ লীলাৱতী দেৱী প্ৰসাদে বুকুত আঘাত পায়। ততাতৈয়াকৈ তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও দেওবাৰে তেওঁৰ মৃত্যু হয়।

মৃত মহিলা গৰাকীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত বোইছাৰ আৰক্ষীয়ে কিশোৰীগৰাকীৰ লগতে তাইৰ মাক, ভায়েক আৰু ভগ্নীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ (আইপিচি) ধাৰা 304 ৰ অধীনত এখন এজাহাৰ পঞ্জীয়ন কৰিছিল।

আৰক্ষীয়ে অপৰাধমূলক হত্যাকাণ্ডৰ বাবে দুগৰাকী মহিলাসহ তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি মৃত মহিলাগৰাকীৰ স্বাস্থ্যৰ আন সমস্যা আছিল যদিও কাজিয়াৰ সময়ত পোৱা আঘাতৰ ফলত তেওঁৰ মৃত্যু হৈছিল।

Related News