NORTHEAST NOW (Assamese)
দেশ

পঞ্জাৱৰ বাথিণ্ডাত দুৰ্বৃত্তই লণ্ডভণ্ড কৰিলে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 16, 2022 5:13 pm
Mahatma Gandhi's Statue Vandalised

পঞ্জাৱৰ বাথিণ্ডা চহৰৰ ৰামমান মাণ্ডিৰ এখন ৰাজহুৱা উদ্যানত থকা জাতিৰ পিতা মহাত্মা গান্ধীৰ এটা প্ৰতিমূৰ্তি ভাঙি চূৰমাৰ কৰিছে কোনো অচিনাক্ত দুৰ্বৃত্তই।

শুক্ৰবাৰে মাজনিশা এই চৰম নিন্দনীয় ঘটনা সংঘটিত হয় বুলি পঞ্জাৱ আৰক্ষীয়ে জানিবলৈ দিছে।

পুৱা অঞ্চলটোৰ স্থানীয় লোকসকলে এনে ঘটনা দেখাৰ পিছত হতবাক হৈ পৰে আৰু এই নিকৃষ্ট কাণ্ডক তীব্ৰ গৰিহণা দিয়ে।

স্থানীয় ষ্টেচন হাউচ অফিচাৰ (সদৰ) হৰজ্যোত সিং মানে এই সন্দৰ্ভত জানিবলৈ দিয়া মতে এই সমগ্ৰ ঘটনাৰ বিষয়ে তদন্ত কৰি কৰি থকা হৈছে আৰু ৰামমান মাণ্ডি আৰক্ষী থানাত ইতিমধ্যে এটা গোচৰ ৰুজু কৰা হৈছে।

স্থানীয় ৰামমান মাণ্ডি আৰক্ষীয়ে দুৰ্বৃত্তক অতি শীঘ্ৰেই কৰায়ত্ত কৰা হ’ব বুলি আশ্বাস দিছে।

আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি অপৰাধীসকলক বিচাৰি উলিওৱাৰ বাবে অঞ্চলটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰা হৈছে।

আনহাতে জিলা নগৰ কংগ্ৰেছৰ সভাপতি অশোক কুমাৰ চিংলাই ঘটনাটোৰ আঁৰত থকা লোকসকলক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।