NORTHEAST NOW (Assamese)

অনন্য কেপ্টেইন কুল; উদীয়মান ক্ৰিকেটাৰৰ বাবে নিজৰ চহৰতে একাডেমী খুলিব ধোনীয়ে

October 27, 2019 9:48 am · এন ই নাও নিউজ
মহেন্দ্ৰ সিং ধোনী। ফটো উৎস: ইন্টাৰনেট

টীম ইণ্ডিয়াৰ জাৰ্ছি পৰিধান কৰাৰ সুযোগ পাবনে নাই সেয়া এতিয়াও নিশ্চিত নহয়। অৱসৰ গ্ৰহণৰ বিষয়টোও হোৱা নাই স্পষ্ট। তাৰ মাজতো নিজৰ পৰিকল্পনাত ব্যস্ত কেপ্টেইন কুল ধোনী।

ক্ৰিকেটাৰগৰাকীয়ে ভৱিষ্যত পৰিকল্পনাত ৰূপ দিয়াৰ বাবে নিৰৱে কাম কৰি আছে। দেশে-বিদেশে বিভিন্ন স্থানত একাডেমী খুলি ক্ৰিকেটক আগবঢ়াই নিয়াৰ দায়িত্ব লৈছে সৰ্বকালৰ শ্ৰেষ্ঠ ভাৰতীয় অধিনায়ক হিচাপে বিবেচিত ক্ৰিকেটাৰগৰাকীয়ে।

জানিবলৈ পোৱা মতে, ধোনীয়ে এইবাৰ নিজ চহৰ ৰাঁচীত ক্ৰিকেট একাডেমী খোলাৰ প্ৰস্তুতি চলাইছে।

সংবাদ প্ৰতিষ্ঠানৰ বাতৰি অনুসৰি, ঝাৰখণ্ডৰ উদীয়মান ক্ৰিকেটাৰসকলৰ বাবে ৰাঁচীত এখন ক্ৰিকেট একাডেমী খুলিব ধোনীয়ে।

ধোনীৰ সৰুকালৰ বন্ধু তথা আৰাকা স্প’ৰ্টছ কোম্পানীৰ মেনেজাৰ মিহিৰ দিবাকৰে একাডেমী নিৰ্মাণৰ বাবে এটুকুৰা মাটি ক্ৰয় কৰিছে।

সকো ঠিকে ঠাকে থাকিলে অহা দুই-তিনি বছৰৰ ভিতৰত ৰাঁচীত ধোনীৰ একাডেমীয়ে প্ৰাণ পাই উঠিব।

অকল ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰই নহয়, নিজৰ চহৰখনত এখন বিদ্যালয় খোলাৰ ইচ্ছাও আছে ‘মেচ ফিনিচাৰ’ ধোনীৰ।

ইন্দোৰত ধোনীৰ একাডেমী ইতিমধ্যে আৰম্ভ হৈছে। তদুপৰি, ৰাজধানী দিল্লী, পাটনা, নাগপুৰ, বাৰাণসীকে ধৰি দেশৰ বিভিন্ন স্থানত আছে ধোনীৰ একাডেমী।

অৱশ্যে, নতুন একাডেমী খোলাৰ কথা ধোনীয়ে এতিয়াও মুকলিকৈ প্ৰকাশ কৰা নাই।

Related News