NORTHEAST NOW (Assamese)

পোহনীয়া হাতীৰ আক্ৰমণত পশ্চিম বংগৰ ইস্কন মন্দিৰত প্ৰাণ গ’ল অসমৰ মাউতৰ

April 8, 2024 11:55 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 8, 2024 12:14 pm
নাদিয়াৰ মায়াপুৰৰ ইস্কনত বিষ্ণুপ্ৰিয়া আৰু লক্ষীপ্ৰিয়া। ফাইল ফটোঃ সৌজন্য ইউটিউব।

পশ্চিম বংগত হাতীৰ আক্ৰমণত এইবাৰ প্ৰাণ গ’ল এজন অসমীয়া মাউতৰ৷ পশ্চিম বংগৰ নাদিয়াৰ মায়াপুৰৰ ইস্কনত বিষ্ণুপ্ৰিয়া নামৰ বন্দী হাতী এজনীৰ আক্ৰমণৰ ফলত অসমৰ এজন মাউত নিহত হোৱাৰ লগতে আন এজন আহত হয়।

মাইকী হাতীজনীৰ বয়স ১৬ বছৰ বুলি জানিব পৰা গৈছে৷ ঘটনা অনুসৰি, অসমৰ কামৰূপ জিলাৰ মাউত সমুদ্ৰক হাতীজনীয়ে জোৰেৰে দেৱালত ঠেলা মাৰি দিয়ে৷

সমুদ্ৰ লক্ষ্মীপ্ৰিয়া নামৰ আন এজনী ৩০ বছৰীয়া মাইকী হাতীৰ মাউত আছিল আৰু সমুদ্ৰই লক্ষীপ্ৰিয়াক খুৱাই থাকোঁতে বিষ্ণুপ্ৰিয়া ওচৰলৈ আহি মূৰেৰে ঠেলি বেৰত হেঁচা মাৰি ধৰে৷

লগতে পঢ়কঃ নিৰ্বাচনৰ পূৰ্বে উজান উঠিছে ঐশ্বৰ্যৰ! কৰ্ণাটকত ৫ কোটি নগদ ধন আৰু ১০৬কেজি অলংকাৰ জব্দ

আক্ৰমণৰ সময়ত বিষ্ণুপ্ৰিয়াৰ পিছফালে থকা অজয় ৰাভা নামৰ আনজন মাউতে সমুদ্ৰক বচাবলৈ যায় যদিও অজয় ৰাভাৰ ভৰিখন ভাগি যায়।

খবৰ অনুসৰি, মাইকী হাতীৰ আক্ৰমণাত্মক আচৰণ বিৰল আৰু ইয়াৰ কাৰণ  হয়তো কিছু বেমাৰ থাকিব পাৰে৷ পশু চিকিৎসা বিষয়াই বৰ্তমান বিষ্ণুপ্ৰিয়াৰ আক্ৰমণাত্মক আচৰণৰ কাৰণ বিচাৰি উলিয়াবলৈ চেষ্টা কৰি আছে৷

লগতে পঢ়কঃ‘ফ্ৰীজ, স্মাৰ্ট টিভিৰ ৰচিদ’, ৩১ কোটিৰ ভূমি কেলেংকাৰীত গ্ৰেপ্তাৰ হেমন্ত ছোৰেনৰ বিৰুদ্ধে ইডিৰ প্ৰমাণ!

অসমৰ পৰা আন এজন মাউত এতিয়া বিষ্ণুপ্ৰিয়াৰ যত্ন ল’বলৈ মাতি অনা হৈছে আৰু দেওবাৰে সন্ধিয়ালৈকে কৰ্তৃপক্ষই হাতীজনী শিকলিৰে বান্ধিবলৈ সক্ষম হয়৷ 

Related News