৯০ বছৰৰ মূৰত নৱজাতকৰ কান্দোন শুনা গ’ল মেইনছ দ্বীপত
শতাধিক সৰু-বৰ দ্বীপেৰে গঠিত মেইনছল দ্বীপত সুদীৰ্ঘ ৯০ বছৰৰ মূৰত জন্ম হ’ল এটি সন্তানৰ।
ইয়াকেলৈ এতিয়া দ্বীপটোত বৈ গৈছে আনন্দৰ বন্যা।
৯০ বছৰ পূৰ্বে দ্বীপটোত ৱাৰেন ফাৰনাল্ড নামৰ লোক জনৰ জন্ম হৈছিল।
তাৰ পিছত আৰু কোনো সন্তানৰ জন্ম হোৱা নাছিল দ্বীপটোত।
নটা দশকৰ অন্তত দ্বীপটোৰ বাসিন্দা এৰিন ফাৰনাল্ড গ্ৰে নামৰ মহিলা গৰাকীয়ে জন্ম দিয়ে এটি কন্যা সন্তানৰ।
সন্তানটিৰ নাম ৰখা হৈছে এজালিয়া বেলে গ্ৰে।
সন্তান জন্ম দিবৰ বাবে গ্ৰে দম্পতিয়ে মেইনছ দ্বীপৰ আটাইতকৈ ডাঙৰ দ্বীপ মাউণ্ট ডিজাৰ্ট দ্বীপলৈ যোৱাৰ পৰিকল্পনা কৰিছিল যদিও তেওঁলোকে বাস কৰা ইছলেফোৰ্ড দ্বীপতেই সন্তানটিৰ জন্ম হয়।
আমেৰিকাৰ উত্তৰ-পূব অংশত অৱস্থিত মেইনছ দ্বীপপুঞ্জত বহুলোকে বাস কৰি আহিছে যদিও তেওঁলোকে কোনো সন্তান দ্বীপপুঞ্জটোত বিগত ৯০ বছৰ ধৰি জন্ম দিয়া নাই।
প্ৰতিকূল প্ৰাকৃতিক পৰিবেশৰ বাবেই মেইনছ দ্বীপপুঞ্জত মানুহে বেছি দিন স্থায়ী ভাবে বসবাস নকৰে।
সাগৰীয় মাছ আৰু লবষ্টাৰৰ বাবে বিখ্যাত সেই অঞ্চললৈ মানুহে কেৱল উপাৰ্জনৰ বাবেহে আহে।
সাগৰীয় মাছৰ ব্যৱসায় কৰি থকা লোকসকলে ধুমুহা আৰু জোৱাৰে সংহাৰৰ সৃষ্টি কৰা মেইনছ দ্বীপপুঞ্জক সন্তান জন্ম দিয়াৰ উপযুক্ত স্থান বুলি নাভাবে বুলি বহুতে ধাৰণা কৰি আহিছে।
সেইবাবেই বিগত ৯০ বছৰ ধৰি সেই অঞ্চলত কোনেও শুনা নাছিল শিশুৰ কান্দোন।
অৱশেষত ৯০ বছৰৰ অন্তত দ্বীপপুঞ্জটোত শুনিবলৈ পোৱা গ’ল শিশুৰ কান্দোন।
১৯২৭ চনত দ্বীপপুঞ্জটোত শেষ বাৰৰ বাবে শিশু এটিৰ জন্ম হৈছিল।