NORTHEAST NOW (Assamese)

অৰুণাচলৰ বৰডুমচাত বিধ্বংসী অগ্নিকাণ্ড; লক্ষাধিক টকাৰ সা-সম্পত্তি লোকচান

September 20, 2018 10:17 am · মানস প্ৰতিম গগৈ

তিনিচুকীয়াৰ সমীপৱৰ্তী অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ বৰডুমচাত আজি কাহিলি পুৱাতে এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়৷ এই অগ্নিকাণ্ডৰ জুইত প্ৰায় পাঁচখনকৈ দোকান ভস্মীভূত হোৱাৰ লগতে কেইবা লক্ষাধিক টকাৰ সা-সামগ্ৰী জুইত জাহ যায়।

প্ৰাপ্ত তথ্য মতে বৰডুমচা আৰক্ষী থানাৰ অন্তৰ্গত বৰডুমচা বজাৰত থকা এখন চাহৰ হোটেলৰ পৰা অগ্নিকাণ্ডটো সূত্ৰপাত হোৱা বুলি স্থানীয় লোকে আশংকা কৰিছে যদিও বাতৰি লিখা পৰলৈকে অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই।

অৱশ্যে জুইৰ শিখা দেখা পায় বৰডুমচাস্থিত ২৩ নং পাঞ্জাৱ ৰেজিমেণ্ট আৰু অৰ্ধ সামৰিক বাহিনীৰ জোৱানে ততালিকে ঘটনা‌স্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত জুই নোমোৱাবলৈ সক্ষম হয়৷

Related News