NORTHEAST NOW (Assamese)

শিল্পী দিৱসৰ চৰকাৰী বিজ্ঞাপনত ভুলকৈ উপস্থাপন ৰূপকোঁৱৰৰ কবিতাক; তীব্ৰ প্ৰতিক্ৰিয়া

January 17, 2019 10:40 am · এন ই নাও নিউজ
ৰূপকোঁৱৰৰ কবিতাক ভুলকৈ উপস্থাপন চৰকাৰী বিজ্ঞাপন।

আজি অসমৰ নমস্য শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু তিথিটো ৰাজ্যবাসীয়ে শিল্পী দিৱস হিচাপে উদযাপন কৰি তেওঁক স্মৰণ কৰা দিনটোতেই চৰকাৰে দিয়া শিল্পী দিৱসৰ বিজ্ঞাপনত ভুলকৈ উপস্থাপন জ্যোতিৰ কবিতাক। এই লৈ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা হৈছে।

“শিল্পী দিৱসৰ এই পৱিত্ৰ দিনটোত মহান শিল্পজনলৈ অসম বাসীৰ হৈ শ্ৰদ্ধাঞ্জলি যাচিলো” বুলি মুখ্য মন্ত্ৰীৰ ফটোৰ সৈতে জনসংযোগে কাকতবোৰৰ প্ৰায় আধা পৃষ্ঠা ভৰাই প্ৰকাশ কৰা বিজ্ঞাপনটোত শিল্পীজনৰ এটা বিখ্যাত কবিতাৰ তিনি শাৰীৰ এটা পংক্তি তুলি দিয়া হৈছে। কিন্তু আচৰিত হ’ব লগীয়া কথাটো হ’ল এই এটা পংক্তিকে শুদ্ধকৈ দিব নোৱাৰিলে বিয়াগোম চৰকাৰী বিভাগটোৱে।

ৰূপকোঁৱৰৰ ‘বিশ্বশিল্পী’ শীৰ্ষক কবিতাটোত আছে,-

জনতাৰ হৃদয়ত মোৰ সোণোৱালী দেশ
মই পিন্ধো বিশ্ববেশ
নতুন দৃষ্টিৰে চাওঁ সৃষ্টি অনিমেষ।।

 

কিন্তু চৰকাৰী বিজ্ঞাপনটোত লিখিছে-

“জনতাৰ-হৃদয়ত মোৰ সোণোৱালী দেশ
এই পিন্ধো বিশ্ববেশ
নতুন দৃষ্টিৰে চাওঁ সৃষ্টি অনিৰ্মেষ

 

ইয়াত ‘মই পিন্ধো’ৰ ঠাইত ‘এই পিন্ধো’ কৰি কবিতাফাকিৰ ভাবাৰ্থ গুৰুতৰভাৱে বিকৃত কৰা হৈছে। ইয়াৰ উপৰি ‘জনতাৰ হৃদয়ত’ অপ্ৰয়োজনীয়ভাৱে সমাস চিন লগাই ‘জনতাৰ-হৃদয়ত’ কৰা হৈছে।

আনহাতে শেষৰ ‘অনিমেষ’ শব্দটোক কৰিছে ‘অনিৰ্মেষ’, যিটোৰ একো অৰ্থ নাই আৰু অভিধানত নথকা এটা শব্দ।

ইয়াৰ উপৰি মুখ্য মন্ত্ৰীৰ মুখৰ বাক্য হিচাপে যিকেইটা কথা দিয়া হৈছে, তাতো আছে ভুল। ‘অসমবাসীৰ হৈ’-ৰ ঠাইত লিখা হৈছে ‘অসমবাসীৰহৈ’।

মুঠতে তিনি শাৰীৰ এটা পংক্তি আৰু চাৰি শাৰীত জনোৱা মুখ্য মন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি প্ৰকাশক বাক্যতে বাৰে পাচি ভুল দেখা গৈছে।

লাখ লাখ টকা খৰচ কৰি বিজ্ঞাপন দিয়া চৰকাৰখনে বা ইয়াৰ সংশ্লিষ্ট বিয়াগোম বিভাগটোৱে ৰাজ্যখনৰ মহান শিল্পী এজনৰ প্ৰতি দেখুওৱা এই নিষ্ঠাহীনতা আৰু শ্ৰদ্ধাহীনতাক লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Related News