NORTHEAST NOW (Assamese)
অসম

অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক সালসলনি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 23, 2020 11:21 am

অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত বৃহৎ ৰদবদল কৰিছে গৃহ বিভাগে।

অসম চৰকাৰৰ গৃহ বিভাগে জাৰি কৰা জাননী অনুসৰি বিশেষ শাখাৰ আৰক্ষী মহাপৰিদৰ্শক (আই জি পি) হিৰেন নাথক বিশেষ শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানলৈ পদোন্নতি দিয়া হয়।

হিৰেন নাথে মুন্না প্ৰসাদ গুপ্তাৰ স্থানত কাৰ্য্যভাৰ গ্ৰহণ কৰিব।

ইপিনে, বিশেষ শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাক চি আই ডিৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানলৈ বদলি কৰা হয়।

মুন্না প্ৰসাদ গুপ্তাই গুৱাহাটী মহানগৰ আৰক্ষীৰ কমিছনাৰ হিচাপেও দায়িত্ব অব্যাহত ৰাখিব।

ইপিনে, নতুন দিল্লীৰ ইণ্টালিজেনছ ব্যুৰোত কৰ্মৰত বিনীতা শৰ্মাক এ ডি জি পিলৈ পদোন্নতি দিয়া হয়।

আনহাতে, বি এছ এফ বিৰ মুখ্য কাৰ্য্যালয়ৰ আৰু এ চি বি, চি বি আই কলকাতাৰ ডেপুটি আই জি পি আৰু অখিলেখ সিঙক আই জি পি পদলৈ পদোন্নতি দিয়া হয়।

ডেপুটি আই জি পি অভিজিত বৰাকো গুৱাহাটীৰ আই জি পিলৈ বদলি কৰা হয়।