NORTHEAST NOW (Assamese)
Popular Stories

ডিমৌৰ হৃদয় বিদাৰক দুৰ্ঘটনাত নিহতসকলৰ ৭ জনক চিনাক্ত

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ September 23, 2019 1:28 pm

শিৱসাগৰ জিলাৰ ডিমৌত পুৱা সংঘটিত হোৱা হৃদয় বিদাৰক দুৰ্ঘটনাত নিহতসকলৰ ৭ জনক ইতিমধ্যে চিনাক্ত কৰিছে শিৱসাগৰ আৰক্ষীয়ে।

শিৱাসগৰ আৰক্ষীৰ মতে দুৰ্ঘটনাটোত ৯ জন লোকৰ মৃত্যু হৈছে। গুৰুত্বৰ ভাৱে আহত সকলক ডিব্ৰুগড় মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে।

ডিমৌ থানা আৰু ডিমৌ আদৰ্শ চিকিৎসালয়ত পৰিয়ালৰ লোকে আহি চিনাক্ত কৰে মৃতদেহ কেইটা।  মৃত  লোকসকলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে  শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

চিনাক্ত কৰা মৃতদেহ কেইটা হল ক্ৰমে পূৰ্ণকান্ত শৰ্মা (মাজুলী), ট্ৰেভেলাৰখনৰ চালক বিকি কলিতা (চাউলকৰা), নৰেন ভৰালী (ডিমৌৰ চুকাফা নগৰ), বিনয় বৈদ্য, (চিলাপথাৰ ৰেলৱে কলনি, ধেমাজী), সৌৰভ শৰ্মা (শিৱসাগৰৰ ভটিয়াপাৰ ), হিৰন্য চেতিয়া, (দিহিঙ্গীয়া ব্লক ধেমাজী), সুব্ৰতা বড়া, (চিৰিংগাওঁ, ডিব্ৰুগড়)

বাকী দুজনক বৰ্তমানো চিনাক্ত কৰিব পৰা হোৱা নাই। শিৱসাগৰ আৰক্ষীয়ে তেওঁলোকক চিনাক্তকৰণৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।